Skip to main content

Posts

বিস্কুটৰ কেক

Recent posts

সহজ নাৰিকলৰ কেক

  কেক বুলি কলে আমি সাধাৰণতে অভেনত বনোৱা কণী আৰু ময়দা যুক্ত কেকটোকে বুজো নহয় জানো| কেতিয়াবা অভেন ব্যৱহাৰ নকৰাকৈ প্ৰেচাৰ কুকাৰ বা কেৰাহীটো কেক বনোৱা হয়| কিন্তু আমি  অভেন নোহোৱাকৈ বা জুইৰ ব্যৱহাৰ নকৰাকৈয়ো কেক  বনাব পাৰো| তেনে এবিধ কেকৰ ৰেচিপি মই আজি লৈ আহিছো| নাৰিকলৰ কেক , য'ত মাত্ৰ পাচ বিধ সামগ্ৰীৰ ব্যবহাৰ কৰা হৈছে| বিস্কুট, বাটাৰ, নাৰিকল, চেনি আৰু ক্ৰীম | বনাবলৈ একেবাৰে সহজ এই নাৰিকলৰ কেক আলহি আহিলে দিব পাৰে | এই কেকক সাধাৰণতে ডেজাৰ্ট হিচাপে দিনৰ বা ৰাতিৰ আহাৰৰ পাছত পৰিবেশন কৰা হয়| এই নাৰিকলৰ কেক বনাওতে চেনিৰ পৰিমান নিজ ইচ্ছা মতে দিব পাৰে | নাৰিকলত মিঠা থাকেই, সেয়েহে কিমান মিঠা খায় সেই অনুপাতে চেনিৰ ব্যৱহাৰ কৰিব |ডায়েবেটিক সকলে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে | বিস্কুটৰ ক্ষেত্ৰটো বেছি মিঠা খোৱা সকলে GoodDay বিস্কুট লব পাৰে | মই Marie  বিস্কুট লৈছো, কম মিঠা খাও বাবে |  খাবলৈ সঁচাই বৰ সোৱাদযুক্ত হয় এই কেক আৰু অতি কম সময়তে বনাব পাৰি | এটিয়া  ৰেচিপিলৈ আহো | সহজ নাৰিকলৰ কেক | No-Bake Easy Frozen Coconut Cake  📎 Course :  Dessert  📎Cuisine :  Continental  🔪Preparation Time :  15 minutes ♨

অসমীয়াৰ প্ৰিয় আলু পিটিকা

  Aloo Pitika  আলু পিটিকা  একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা  mashed potato.  কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক  আলু চৌখা  বুলি কয় | অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য|  প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়| অসমীয়া আলু পিটিকাত সাধাৰনতে কেঁচা তেল আৰু  কেঁচা পিঁয়াজ দি বনোৱা হয়| কিন্তু কেঁচা পিঁয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেঁচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহবও পাৰে| সেয়েহে মই আলু পিটিকা বনালে সাধাৰনতে

মটৰ ঘুগুনি

  ঘুগুনি বা মটৰ ঘুগুনি হৈছে শুকান হালধীয়া বা সেউজীয়া মটৰেৰে বনোৱা এখন আঞ্জা | ঘুগুনিক এনেও খাব পাৰি বা ইয়াক ৰুটীৰ লগতো পৰিবেশন কৰিব পাৰি | বহু ঠাইত দেখা যায় যে ঘুগুনীক ৰাস্তাৰ খাদ্য (street food)  হিচাপেও বিক্ৰী কৰা হয় |  ঘুগুনিৰ প্ৰস্তুত প্ৰনালী তেনেই সহজ |তলত ৰেচিপিটো আগবঢ়ালো -  মটৰ ঘুগুনি :   🔪প্ৰস্তুতিৰ সময় :  15 মিনিট ♨ৰন্ধাৰ সময় :  25 মিনিট  🕞সম্পূৰ্ণ সময় :  40 মিনিট উপকৰন: 2 কাপ হালধীয়া মটৰ এটা পিয়াজ মিহিকৈ কটা 1/2 চামুচ আদা নহৰু বটা 2-3 চামুচ দৈ 1/2 চাহ চামুচ জীৰা গুৰী 1/2 চাহ চামুচ ধনীয়া গুৰী 1/2 চাহ চামুচ ৰঙা গুৰী জলকীয়া 1/2 চাহ চামুচ গৰম মছলা  1/2 চাহ চামুচ হালধী নিমখ জোখ মতে 2 চামুচ মিঠাতেল কেঁচা জলকীয়া, পিয়াজ সৰু এটা আৰু অলপ ধনিয়া পাত মিহিকৈ কটা, পৰিবেশনৰ বাবে প্ৰনীলী:  প্ৰথমতে হালধীয়া মটৰ কমেও চাৰি ঘন্টাৰ বাবে পানীত তিয়াই থব | মটৰ ফুলিলত ভালকৈ ধুই লব| প্ৰেচাৰ কুকাৰত মটৰ আৰু দুকাপ পানী বা প্ৰয়োজন অনুসৰি পানী দি দুই-তিনিটা সুইচেল দি সিজাই লব| এতিয়া কেৰাহী গৰম হব দি তেল দিব | তেল গৰম হলে আদা নহৰু বটা আৰু পিয়াজ দি অলপ সময় ভাজি লব| এতিয়া হালধী, জীৰা,ধনিয়া গুৰী, জনকীয়া গুৰী

হালধী কিয় খাব লাগে

  গছৰ মূলৰ পৰা হোৱা হালধী অতিজৰে পৰাই খাদ্যত ব্যবহাৰ হোৱাৰ লগতে প্ৰসাধন সামগ্ৰী, কাপোৰত ৰং কৰাৰে পৰা নানা আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰাত ব্যবহৃত হৈ আহিছে |  কৰকিউমিন (curcumin) হৈছে হালধীত নিৰ্হিত হৈ থকা এবিধ সক্ৰিয় উপাদান| ই এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু ইয়াৰ প্ৰজ্বলক বিৰোধি (এণ্টি ইনফ্লেমেটৰি) গুণো আছে | ভাৰতীয় ৰন্ধনশৈলীত অতিজৰে পৰাই হালধী ব্যবহৃত হৈ আহিছে| বিভিন্ন খাদ্য ৰেচিপিত ৰং আৰু সোৱাদৰ বাবে হালধীৰ ব্যবহাৰ কৰাৰ লগতে গাখীৰত হালধী দি খোৱাৰো নিয়ম আছে | হালধী কেঁচা আৰু গুৰি দুয়োটা ৰূপতে ভাৰতীয় ৰন্ধনশৈলীত ব্যবহৃত হৈ আহিছে | খাদ্যত ৰং আৰু সোৱাদ বঢ়োৱাৰ লগতে নানান স্বস্থ্যজনিত কাৰনতো হালধী খাব লাগে| হালধীৰ গুণবোৰ তলত উল্লেখ কৰিলো : হালধীয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাত সহায় কৰে | হালধীত থকা Lipopolysaccharide নামৰ উপাদান বিধত এণ্টি-বেকটেৰিয়েল, এণ্টি-ভাইৰেল আৰু এণ্টি-ফানগেল গুণ আছে যিয়ে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে|  হালধী এবিধ প্ৰকৃতিক এণ্টিচেপটিক হিচাপেও কাম কৰে | কটা, জ্বলা আৰু ঘা হলে হালধীৰ পেষ্ট লগালে সুফল পোৱা যায় |  কাৰোবাৰ হজম শক্তি কমি আহিলে কেঁচা হালধীৰ সে

Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব

  Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব : 1. শাক-পাচলি বা ফলমূল পৰিষ্কাৰ কৰাৰ আগতে নিজৰ হাত দুখন ভালদৰে চাবুনেৰে ধুই লোৱাতো খুবেই প্ৰয়োজন কাৰন আপোনাৰ হাতখনো নানা বিজানুৰ কাৰক হব পাৰে | কমেও 20 চেকেণ্ড চাবুনেৰে হাত ঘঁহিহে পৰিষ্কাৰ পানীৰে ধুব লাগে | 2.শাক-পাচলী বা ফলমূল প্ৰবাহীত পানীত (running water) ভালদৰে ধুব লাগে| হাতেৰে ভালদৰে ঘঁহি ঘঁহি বোকা বা লেতেৰা বোৰ আতৰাই দিব লাগে| 3. শাক-পাচলি বা ফলমূল ধোৱাৰ ক্ষেত্ৰত চাবুন বা ডিটাৰজেণ্ট ব্যৱহাৰ কৰিব নালাগে | অৱশ্যে বজাৰত শাক-পাচলি ধোৱা vegetable and fruit wash liquid  ওলাইছে | যদিহে ই ক্ষতিকাৰক নহয় তেনেহলে ব্যৱহাৰ কৰিব পাৰে| 4. প্ৰয়োজন হলে ব্ৰাচ বা স্পঞ্জ ব্যৱহাৰ কৰিব পাৰে | পাচলি বা ফলৰ বেয়া (damage)  অংশ বোৰ কাটি পেলাব | 5. কটাৰি খনো কেতিয়াবা নানা বিজানুৰ বাহক হব পাৰে| সেয়ে ব্যৱহাৰ কৰাৰ আগতে চাবুনেৰে (dish wash)  ধুই লব|

কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ

  তিনিশ ষাঠি জোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল।। পাত পছলা লাভত খাবা। লংকাৰ বনিজ ঘৰতে পাবা।। উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে|  অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি|  কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল | খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অমিতাৰ খাৰ বৰ জন