Covid 19 ৰ সময়ত বজাৰৰ পৰা কিনি অনা শাক-পাচলি আৰু ফলমূল কিদৰে পৰিষ্কাৰ কৰিব :
1. শাক-পাচলি বা ফলমূল পৰিষ্কাৰ কৰাৰ আগতে নিজৰ হাত দুখন ভালদৰে চাবুনেৰে ধুই লোৱাতো খুবেই প্ৰয়োজন কাৰন আপোনাৰ হাতখনো নানা বিজানুৰ কাৰক হব পাৰে | কমেও 20 চেকেণ্ড চাবুনেৰে হাত ঘঁহিহে পৰিষ্কাৰ পানীৰে ধুব লাগে |
2.শাক-পাচলী বা ফলমূল প্ৰবাহীত পানীত (running water) ভালদৰে ধুব লাগে| হাতেৰে ভালদৰে ঘঁহি ঘঁহি বোকা বা লেতেৰা বোৰ আতৰাই দিব লাগে|
3. শাক-পাচলি বা ফলমূল ধোৱাৰ ক্ষেত্ৰত চাবুন বা ডিটাৰজেণ্ট ব্যৱহাৰ কৰিব নালাগে | অৱশ্যে বজাৰত শাক-পাচলি ধোৱা vegetable and fruit wash liquid ওলাইছে | যদিহে ই ক্ষতিকাৰক নহয় তেনেহলে ব্যৱহাৰ কৰিব পাৰে|
4. প্ৰয়োজন হলে ব্ৰাচ বা স্পঞ্জ ব্যৱহাৰ কৰিব পাৰে | পাচলি বা ফলৰ বেয়া (damage) অংশ বোৰ কাটি পেলাব |
5. কটাৰি খনো কেতিয়াবা নানা বিজানুৰ বাহক হব পাৰে| সেয়ে ব্যৱহাৰ কৰাৰ আগতে চাবুনেৰে (dish wash) ধুই লব|
Comments
Post a Comment