spinech_paneer_fritters
পনীৰ পালেংৰ পকৰী
- নিতুমনি দাস শৰ্মা
উপকৰন...
৩ জনৰ বাবে
পনীৰ ১৫০ গ্ৰাম
পালেং শাকৰ ডাঙৰ পাত ১৫ /১৬ খিলা
ময়দা ১ কাপ
কৰ্ণফ্লৰ পাউদাৰ ১ চাহ চামুচ
জিৰা,জালুক,শুকান জলকীয়াৰ গুৰি ১/২ চামুচ কৈ
নিমখ,জোখমতে
ৰিফাইন তেল ১৫০ গ্ৰাম
প্ৰনালী...
পনীৰ বোৰ কিউব আকাৰত কাটি লব | পালেং ৰ পাতৰ হিচাপ মতে কিউব ১৫/১৬ টা ৰাখিব | তাৰ পিছত পালেং শাকৰ মুঠিৰ পৰা ডাঙৰ পাত বোৰ ঠাৰি কাটি পাত বোৰ পৰিস্কাৰ কৰি ধুউ লব আৰু গৰম পানীত পাত কেইখিলা দি দিব | গৰম পানীত ১ মিনিট মান সময় ৰাখি উঠাই ঠাণ্ডা আইচৰ পানীত ৫ মিনিট সময় ৰাখিব | তাৰ মাজতে ধূৰনীয়া পাত্ৰ এটি ত ময়দা,কৰ্ণফ্লৰ,নিমখ,জিৰা,জালুক,জলকীয়াৰ গুৰি মিলাই পানীৰে এটা ঘোল বনাই লব | বেছি পনীয়া নকৰিব |
এতিয়া পালেং ৰ পাত এটা এটা কৈ উঠাই পাতৰ মাজত পনীৰৰ কিউব এটা এটা কৈ বহুৱাই পাত টো পনীৰৰ চাৰিওফালে মেৰিয়াই দিয়ক | এনেদৰে আটাই বোৰ তৈয়াৰ কৰি লওক | তাৰ পিছত ননষ্টিকৰ কেৰাহীত তেল গৰম কৰি মিডিয়াম জুইত মচমছিয়া কৈ ভাজি নমাওক আৰু পৰিবেশন কৰক একাপ ইলাচি দিয়া চাহ ৰ লগত |

Comments
Post a Comment