এই ৰেচিপিটো ইংৰাজীতো উপলব্ধ (ক্লিক কৰিব)
বিস্কুটৰ কেক এটি অতি সহজ কেকৰ ৰেচিপি| নতুনকৈ কেক বনাবলৈ শিকা সকলৰ বাবে ই এটা সহজ ৰেচিপি| এই কেক বনাবলৈ যি কোনো বিস্কুট লব পাৰে| সকলোতকৈ ভাল কথাটো হৈছে এই কেক ৰৈ যোৱা বিস্কুটৰ গুৰিৰ পৰাও বনাব পাৰি| আমাৰ সকলোৰে বিস্কুট থোৱা টেমাটোৰ তলত বিস্কুটৰ ভঙা টুকুৰাৰ লগতে গুৰি বহুতো ৰৈ যায়, নহয়নে ? মই সেই গুৰিৰে এই কেক বনালো| আপোনালোকেও বনাব পাৰে| ৰেচিপি অতি সহজ| তলত ৰেচিপি দিলো -
বিস্কুটৰ কেক | Biscuit Cake Recipe in Assamese
📎Course : Dessert
📎Cuisine : Continental
🔪Preparation Time : 15 minutes
♨Cooking Time : 35 minutes
🕞Total : 50 minutes
🕞Total : 50 minutes
INGREDIENTS:
- 1 কাপ বিস্কুটৰ গুৰি বা টুকুৰা
- 1/2 কাপ ময়দা
- 2 টা কণী
- 1/2 কাপ গুৰি চেনি
- 1/2 কাপ নিমখীয়া নোহোৱা বাটাৰ বা ৰিফাইন তেল
- 1 টেবুল চামুচ ক'ক পাউদাৰ
- 1 টেবুল চামুচ বেকিং পাউদাৰ
METHOD:
- বিস্কুটৰ টুকুৰাবোৰ ভালদৰে গ্ৰাইণ্ডাৰত মিহিকৈ পিচি লব|
- ডাঙৰ বাতি এটাত কণী ফেটি লব|
- বাটাৰ বা ৰিফাইন তেল দি ভালদৰে মিহলাই লব|
- এটিয়া বিস্কুটৰ গুৰি, ময়দা, বেকিং পাউদাৰ, চেনি আৰু ক'ক পাউদাৰ এবিধ এবিধকৈ ভালদৰে মিহলাই লব| চাব যাতে অকণো গোটা বান্ধি নাথাকে|
- কেক বনোৱা পাত্ৰটো বাটাৰ বা তেল সানি লব|
- এটিয়া মিশ্ৰনখিন ঢালি দিব|
- আগতিয়াকৈ গৰম কৰি ৰখা অভেনত 180 ডিগ্ৰী টেমপ্ৰেচাৰত 30-35 মিনিট বেক কৰিব|
- অভেন নহলে প্ৰেচাৰ কুকাৰটো বেক কৰিব পাৰিব|
Comments
Post a Comment