spinech_paneer_fritters পনীৰ পালেংৰ পকৰী - নিতুমনি দাস শৰ্মা উপকৰন... ৩ জনৰ বাবে পনীৰ ১৫০ গ্ৰাম পালেং শাকৰ ডাঙৰ পাত ১৫ /১৬ খিলা ময়দা ১ কাপ কৰ্ণফ্লৰ পাউদাৰ ১ চাহ চামুচ জিৰা,জালুক,শুকান জলকীয়াৰ গুৰি ১/২ চামুচ কৈ নিমখ,জোখমতে ৰিফাইন তেল ১৫০ গ্ৰাম প্ৰনালী... পনীৰ বোৰ কিউব আকাৰত কাটি লব | পালেং ৰ পাতৰ হিচাপ মতে কিউব ১৫/১৬ টা ৰাখিব | তাৰ পিছত পালেং শাকৰ মুঠিৰ পৰা ডাঙৰ পাত বোৰ ঠাৰি কাটি পাত বোৰ পৰিস্কাৰ কৰি ধুউ লব আৰু গৰম পানীত পাত কেইখিলা দি দিব | গৰম পানীত ১ মিনিট মান সময় ৰাখি উঠাই ঠাণ্ডা আইচৰ পানীত ৫ মিনিট সময় ৰাখিব | তাৰ মাজতে ধূৰনীয়া পাত্ৰ এটি ত ময়দা,কৰ্ণফ্লৰ,নিমখ,জিৰা,জালুক,জলকীয়াৰ গুৰি মিলাই পানীৰে এটা ঘোল বনাই লব | বেছি পনীয়া নকৰিব | এতিয়া পালেং ৰ পাত এটা এটা কৈ উঠাই পাতৰ মাজত পনীৰৰ কিউব এটা এটা কৈ বহুৱাই পাত টো পনীৰৰ চাৰিওফালে মেৰিয়াই দিয়ক | এনেদৰে আটাই বোৰ তৈয়াৰ কৰি লওক | তাৰ পিছত ননষ্টিকৰ কেৰাহীত তেল গৰম কৰি মিডিয়াম জুইত মচমছিয়া কৈ ভাজি নমাওক আৰু পৰিবেশন কৰক একাপ ইলাচি দিয়া চাহ ৰ লগত |
Comments
Post a Comment