বান্ধাকবি বৰ
- প্ৰিয়া সেন
উপকৰণ-----
বান্ধাকবি এটা
টুথপিক ৮ টা
বেচন ৫ চামুচ
আটা ২ চামুচ
চাউলৰ গুৰি ১ চামুচ
নিমখ জোখ মতে
জনী ১/৪ চামুচ
চাট মছলা ১ চামুচ
জলকীয়া গুৰি আধা চামুচ
হালধি গুৰি এচিকুট
পানী পৰিমাণ অনুযায়ী
ৰিফাইন তেল এ কাপ
প্ৰণালী ----
প্ৰথমতে বান্ধাকবি দুটা ভাগত কাটি লব লাগিব । তাৰ পিছত ফটোত দেখুৱাৰ দৰে কাটি লব , মোৰ এটা কবিত ৮ পিছ হৈছে।
তাৰ পিছত এটা এটা পিছবিলাকত টুথপিক লগাই লব লাগিব, যাতে কবিৰ পাত বোৰ এৰাই নাযায়।
এতিয়া ৪ মিনিট অলপ নিমখ পানীত সিজাই লব লাগিব আৰু পানীৰ পৰা উঠাই এখন কাহিত ৰাখিব ।
এতিয়া বেচন , আটা , চাউলৰ গুৰি , নিমখ , চাট মছলা , জলকীয়া গুৰি , জনী , হালধি গুৰি আৰু পানী মিলাই ঘোল বনাই লব | তাৰ পিছত কেৰাহী এখন গেছত পাতি দি তেল গৰম কৰি বান্ধাকবি ঘোলত লেটীয়াই এটা এটা কে ভাজি লব ।
আৰু গৰমে গৰমে পৰিবেশন কৰিব ।

Comments
Post a Comment