ৰঙালাউৰ পুডিং
- নীলাক্ষী বৰা
সামগ্ৰী-
- সৰু ৰঙালাউৰ এটাৰ চাৰিভাগৰ এভাগ,
- গাখীৰ আধালিটাৰ,
- চেনী আধাকাপ,
- মিল্কমেইদ তিনিচামুচ,
- ঘিউ এচামুচ,
- চাইনা গ্ৰাচ অলপ(তিনি গ্ৰাম মান )
প্ৰণালী-
- ৰঙালাউ কাটি টুকুৰা কৰি সিজাই লব|
- মিস্কিত অকণমান গাখীৰ দি ৰঙালাওৰ পেষ্ট বনাই লব|
- এটিয়া এটা ননষ্টিক পাএত গাখীৰ খিনি ভালকৈ উতলাই অলপ ডাঠ কৰি লব|
- আনহাতে চাইনাগ্ৰাচত গৰম পানী মিলাই অলপ সময় ৰাখি উতলাই গলাই লব|
- উতলা গাখীৰত মিল্কমেইদ আৰু ঘিউ মিলাই তাতে ৰঙালাউৰ পেষ্ট মিলাই আৰু অকণমান উতলাই চাইনা গ্ৰাচ মিলাই ভালকৈ লৰাই অলপ ডাঠকৰি গেচ বন্ধ কৰি এটা ঘিউ সানা পাএত ঢালি দি আধাঘণ্টা ৰাখি ঠাণ্ডা কৰি ফ্ৰীজত আধাঘণ্টা মান ৰাখি পৰিবেশন কৰিব|
- মই চকলেট চিপচ দি পৰিবেশন কৰিলো।
Comments
Post a Comment