গছৰ মূলৰ পৰা হোৱা হালধী অতিজৰে পৰাই খাদ্যত ব্যবহাৰ হোৱাৰ লগতে প্ৰসাধন সামগ্ৰী, কাপোৰত ৰং কৰাৰে পৰা নানা আয়ুৰ্বেদিক ঔষধ তৈয়াৰ কৰাত ব্যবহৃত হৈ আহিছে |
কৰকিউমিন (curcumin) হৈছে হালধীত নিৰ্হিত হৈ থকা এবিধ সক্ৰিয় উপাদান| ই এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু ইয়াৰ প্ৰজ্বলক বিৰোধি (এণ্টি ইনফ্লেমেটৰি) গুণো আছে |
ভাৰতীয় ৰন্ধনশৈলীত অতিজৰে পৰাই হালধী ব্যবহৃত হৈ আহিছে| বিভিন্ন খাদ্য ৰেচিপিত ৰং আৰু সোৱাদৰ বাবে হালধীৰ ব্যবহাৰ কৰাৰ লগতে গাখীৰত হালধী দি খোৱাৰো নিয়ম আছে | হালধী কেঁচা আৰু গুৰি দুয়োটা ৰূপতে ভাৰতীয় ৰন্ধনশৈলীত ব্যবহৃত হৈ আহিছে | খাদ্যত ৰং আৰু সোৱাদ বঢ়োৱাৰ লগতে নানান স্বস্থ্যজনিত কাৰনতো হালধী খাব লাগে|
হালধীৰ গুণবোৰ তলত উল্লেখ কৰিলো :
- হালধীয়ে ৰোগ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাত সহায় কৰে | হালধীত থকা Lipopolysaccharide নামৰ উপাদান বিধত এণ্টি-বেকটেৰিয়েল, এণ্টি-ভাইৰেল আৰু এণ্টি-ফানগেল গুণ আছে যিয়ে মানুহৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে|
- হালধী এবিধ প্ৰকৃতিক এণ্টিচেপটিক হিচাপেও কাম কৰে | কটা, জ্বলা আৰু ঘা হলে হালধীৰ পেষ্ট লগালে সুফল পোৱা যায় |
- কাৰোবাৰ হজম শক্তি কমি আহিলে কেঁচা হালধীৰ সেৱনে তেনে অসুবিধা দূৰ কৰিব পাৰে|
- ৰূপ সন্দৌৰ্য্যৰ বাবেও হালধী ব্যবহাৰ কৰা হয়|
- হালধী আৰ্থৰাইটিচ পেইন, কেনচাৰৰ ট্ৰিটমেন্ট আৰু মস্তিস্কৰ কোষ মেৰামতিতো সহায়ক হব পাৰে|
Comments
Post a Comment