ছাগলী মাংস লাল চাহৰ সৈতে বনাবলৈ দেউতাই শিকাইছিল যিদিনা প্ৰথম বাৰ মাংস বনাবলৈ শিকিছিলোঁ😊
লাগতিয়াল সামগ্ৰী সমূহ:
- ছাগলী(পাঠা)৫০০ গ্ৰাম
- আধা চামুচ কৈ জিৰা আৰু ধুনীয়া আৰু কেইটামান জালুক শিলপতাত পিহি লৈছোঁ।
- নিমখ হালধি আন্দাজ মতে |
- আদা ৰচুন পেষ্ট ২চামোচ।(এইখিনিও শিলপতাত পিহি লৈছোঁ)
- লং ২তা, ইলাচি ২তা, এডোখৰ ডালচেনি, তেজপাত ২খিলা।
- ভাজিবলৈ মিঠাতেল।
- পিয়াজ ৪তা ডাঙৰ অলপ মিহিকৈ কাটি লোৱা |
- লাল চাহ ১কাপ।(without suger ...লাল চাহ দিলে খুউব সুন্দৰ ৰং হয়)
বনুৱাৰ পদ্ধতি:
এখন কেৰাহীত খুউব ভালদৰে মিঠাতেল গৰম কৰি লং ইলাচি আৰু ডালচেনি দি গোন্ধ ওলালে কাটি থোৱা পিয়াজ খিনি দি ৰঙচুৱা হোৱাকৈ ভাজিব।
অলপ দেৰি ভজাৰ পাছত আদা ৰচুন পেষ্ট খিনি দি আৰু কেঁচা গোন্ধ আতঁৰালৈকে ভাজিব।
এতিয়া পিহি থোৱা মচলা খিনি দি আৰু ৪মিনিট মান ভাজিব।
নিমখ হালধি খিনি দিব।
বৰ বেছি মচলা ব্যৱহাৰ কৰা নাই ।আটাইখিনি খুব ভালদৰে ভাঁজ খোৱাৰ পাছত মাংস দিব।
মাংস দি প্ৰায় আধা ঘন্টা লৰাই লৰাই ভাজি থাকিব।
এতিয়া তাতে লাল চাহ কাপ দি দিব।আকৌ ভাজিব ৫মিনিট।যিহেতু ছাগলী মাংস সোনকালে নিসিজে সেইবাবে মাংস খিনি আৰু অলপ মান পানী যোগ কৰি(জোল আপোনাৰ জোখ মতে ৰাখিব)কুকাৰত ভৰাই ৫তা উকি দি নমাই থৈছোঁ।।।😊😊
Comments
Post a Comment