Aloo Pitika |
আলু পিটিকা একেবাৰে সহজ এটি ৰেচিপি| আপোনাৰ যদি বনাবলৈ সময় নাই বা আপুনি যদি এজন অকলশৰে থকা পুৰুষ, তেনেহলে কথাই নাই, ভাততে আলু এটি দিয়ক আৰু তৃপ্তিৰে ভাত সাঁজ খাওঁক, নহয় জানো ? কিন্তু এই আলু পিটিকা যে কেৱল অসমীয়া সকলেহে খায় তেনে নহয়| ইংৰাজ বা আমেৰিকান সকলৰো প্ৰিয় এই আলু পিটিকা বা mashed potato. কিন্তু তেওঁলোকে বনোৱা আলু পিটিকা আৰু অসমীয়া আলু পিটিকাৰ মাজত পাৰ্থক্য আছে| ইংৰাজ বা আমেৰিকান সকলে বনোৱা আলু পিটিকাত মাখন বা বাটাৰ, গাখীৰ আৰু ক্ৰিম মিহলাই খায়| কিন্তু আমি অসমীয়া সকলে নিমখ, পিয়াজ, জলকীয়া আৰু মিঠাতেল দি সানি খাওঁ| আমাৰ দৰে বিহাৰী সকলেও আলু পিটিকা খায় আৰু তেওঁলোকে ইয়াক আলু চৌখা বুলি কয় |
অসমীয়া ৰন্ধন শৈলীত মিঠাতেলৰ ব্যবহাৰ অপৰিহায্য| প্ৰত্যোক ৰন্ধন কাৰ্য্যতে মিঠাতেল ব্যৱহাৰ হয়| মিঠাতেল যিহেতু কেঁচাকৈয়ো খাব পাৰি, ইয়াক পিটিকা বা চাটনি আদিতো ব্যৱহাৰ কৰা হয়|
অসমীয়া আলু পিটিকাত সাধাৰনতে কেঁচা তেল আৰু কেঁচা পিঁয়াজ দি বনোৱা হয়| কিন্তু কেঁচা পিঁয়াজ খোৱাৰ ফলত মূখ খন গোন্ধাব পাৰে |তাৰ উপৰিও কেঁচা নিমখ খোৱাতো স্বাস্থ্যৰ বাবে ভাল নহবও পাৰে| সেয়েহে মই আলু পিটিকা বনালে সাধাৰনতে এখন কেৰাহীত মিঠাতেল গৰম কৰি তাত কটা পিঁয়াজ আৰু প্ৰয়োজন অনুসৰি নিমখ দি ভাজি লওঁ আৰু সেই তেলতে আলু পিটিকা বনাওঁ |
আলু পিটিকাত ভোত জলকীয়া আচাৰৰ তেল দি খায়ো বৰ ভাল লাগে আৰু মই প্ৰায়ে তেনেকৈ খাওঁ| মোৰ এজন ফুডি ফ্ৰেন্দে তেল গৰম কৰি তাতে পাঁচ ফুৰন ভাজি, পিটিকাত দি খোৱাৰ কথা কৈছিল যদিওঁ মই এনেদৰে খোৱা নাই এতিয়াওঁ| যোৱা সপ্তাহত মই অকলে ভাত খাব লগা হল, মানে কেৱল মোৰ বাবে হে বনাব লগা হল | অকলে খাম যেতিয়া পাল মৰাৰে কথা| দিলো নহয় ভাততে আলু| পাল মাৰিম বুলি তেলত পিঁয়াজ নাভাজি কেঁচা পিয়াজে কাটিলো পিটিকাত দিবলৈ| কেৱল মই কেঁচা জলকীয়া নিদি শুকান জলকীয়া এটা পুৰি দিলো আৰু ঘৰৰে মান ধনীয়া কাটি দিলো| সম্পূৰ্ণ ৰেচিপি তলত দিলো |
আলু পিটিকা : Aloo Pitika (Mashed potatos recipe in Assamese)
📎Course : এপেটাইজাৰ
📎Cuisine : অসমীয়া
🔪Preparation Time : 5 মিনিট
♨Cooking Time : 10 মিনিট
🕞Total : 15 মিনিট
🍴Servings : 2
উপকৰন:
🍴Servings : 2
উপকৰন:
- আলু দুটা (ডাঙৰ)
- পিঁয়াজ এটা
- শুকান জলকীয়া দুটা
- মিঠাতেল 1 চামুচ
- মান ধনিয়া দুখিলা
- নিমখ প্ৰয়োজন অনুসৰি
প্ৰনালী:
- প্ৰথমতে এটা প্ৰেচাৰ কুকাৰত আলু দুটা উতলাই ললো (দুই বা তিনিটা হুইচেল দিলো)|
- পিঁয়াজ বাকলি গুচায় মিহিকৈ কাটি পাত্ৰ এটাত ললো|
- মান ধনিয়া কাটি ললো|
- শুকান জলকীয়া পুৰি পাত্ৰতোত কাটি ললো|
- এটিয়া আলুৰ বাকলি গুচায় পাত্ৰতোত পিটিকি ললো|
- প্ৰয়োজন অনুসৰি নিমখ দিলো|
- মিঠাতেল দিলো|
- এটিয়া সকলোখিনি ভালদৰে সানি ললো আৰু ভাতৰ লগত পৰিবেশন কৰিলো|
Comments
Post a Comment