বাঁহৰ গাজ_ ব্ৰইলাৰ মাংস
- ৰঞ্জিত নাথ
উপকৰণ =
• ১ কেজি ব্ৰইলাৰ
• ১ বাটি কুটি লোৱা গাজ
• ১ চামুচ আদা,নহৰু পেষ্ট
• ১/২ কাপ কুটি লোৱা পিয়াঁজ
• ১ চামুচ জিৰা গুৰি
• ২ চামুচ ধনীয়া গুৰি
• ১ চামুচ পাঁচ ফূৰণ
• ৩ টা শুকান জলকীয়া
• ৬ টা মান কেঁচা জলকীয়া
• তেল,নিমখ,হালধী জোখমতে লব
প্ৰণালী =
মাংসখিনি ধুই পানী টুকি লব । টুকি লৈ পিয়াঁজ,নহৰু,আদা,জিৰা,ধনীয়া,হালধী,গাজ,কেঁচা জলকীয়া ফালি দিব,এচামুচ তেল দি সানি আধা ঘন্টা মান ঢাকি থব । গেচৰ জুই বঢ়াই লৈ তেল গৰম কৰি নিমখ,পাঁচফূৰণ,শুকান জলকীয়া দি মাংসখিনি দিব । অলপ সময় লৰাই ভাজি লব । ঢাকোন দি গেচৰ জুই কমাই দিব । ১০ মিনিট মান পিছত ঢাকোন গুচায় চাব তেল উলায়ছে জুই বঢ়াই লৰাব অলপ সময় । তেলখিনি শুকালে জোখৰ পানী দি উতলিব দিব । উতলি জোলকন ডাঠ হলে এক চামুচ তেল দি নমাই দুপৰিয়াৰ ভাত সাঁজৰ জুতি লব ।
nice and delicious loot
ReplyDeletehttp://www.cookingathome11.com
ReplyDelete