Skip to main content

কলখাৰ কি দৰে তৈয়াৰ কৰা হয় আৰু ইয়াৰ উপকাৰিতাসমূহ

 

খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| খাৰ খালে যি কোনো পেটৰ অসুখৰ পৰা আঁতৰি থাকিব পাৰি |

তিনিশ ষাঠি জোপা ৰুবা কল।
মাহেকে পষেকে চিকুণাবা তল।।
পাত পছলা লাভত খাবা।
লংকাৰ বনিজ ঘৰতে পাবা।।


উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে|

 অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি| 

কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল |

খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অমিতাৰ খাৰ বৰ জনপ্ৰিয়| অমিতাৰ উপৰিও বিভিন্ন পাচলি, দাইল বা মাছৰো খাৰ বনাই খোৱা হয়| খাৰ কেঁচাকৈয়ো খাব পাৰি| কেঁচাকৈ খাবলৈ দুচামোচ খাৰত নহৰু কাটি নিমখ আৰু মিঠাতেল মিহলাই ভাতৰ লগত পৰিবেশন কৰা হয়| খাৰৰ তৰকাৰীখন ভাতৰ লগত আৰম্ভনিতে খোৱাৰ নিয়ম| 

To know how to make Khar (in English) click here

কলখাৰ বনোৱাৰ পদ্ধতি :

উপকৰন:

  • দুটা ভীম বা আঠিয়া কলৰ বাকলি
  • 2 কাপ পানী

প্ৰনালী:

  1. ভীম কল বা আঠিয়া কলৰ বাকলি কেইদিন মান ৰদত শুকোৱাই লব|
  2. এটা পাত্ৰত পানী লব|এতিয়া কলৰ শুকান বাকলি কেইখন জুইত পুৰি লব|
  3. পুৰা হলে লগে লগে পানীত পাত্ৰটোত দি দিব আৰু চামুচ এখনৰে মিহলি কৰি ঠাণ্ডা হবলৈ দিব|
  4. ঠাণ্ডা হোৱাৰ পাছত চেকনিৰে চেকি পানী খিনি বটলত চেকি লব| বাকী খিনি পেলাই দিব|
  5. বটলৰ সাফৰ টানকৈ মাৰি থব| এনেকৈ কেইবা মাহো থব পাৰি | প্ৰয়োজন হলে বটলৰ পৰা খাৰ ব্যবহাৰ কৰিব | যি কোনো খাৰৰ ব্যঞ্জনত এক বা দুই চামুচেই যথেষ্ট|

খাৰৰ উপকাৰিতা :

অসমীয়া সমাজত খাৰ খোৱাৰ পৰম্পৰা অতিজৰে পৰা চলি আহিছে যাৰ বাবে অসমীয়া সকলক খাৰখোৱা বুলিও কোৱা হয় | খাৰৰ কিছুমান ঔষধি গুণ আছে বুলি ধৰা হয় সেয়েহে মাহেকে পষেকে খাৰ খোৱাৰ নিয়ম| খাৰে পেট চফা কৰে বুলি জনা যায় | খাৰ খালে যি কোনো পেটৰ অসুখৰ পৰা আঁতৰি থাকিব পাৰি |


Comments

  1. খুব দৰকাৰী কথা বিশেষকৈ অসমীয়াসকলৰ বাবে :) নহ'লে খাৰখোৱা অসমীয়া বুলি এনেই ক'বনে ? :)

    ReplyDelete

Post a Comment

Popular posts from this blog

আমৰ আইচক্ৰীম - নিলাক্ষী বৰা

আমৰ আইচক্ৰীম - নিলাক্ষী বৰা সামগ্ৰী- • পেস্ট বনাই লোৱা দুটা আম •  150gmcream • পাউদাৰ চেনী একাপ মিঠা বেছিকৈ খায় ভাল লাগিলে আৰু দিব পাৰি প্ৰণালী- cream আৰু চেনী ভালকৈ ফেটী আমৰ পেস্ট মিলাই পুনৰ ভালকৈ ফেটী এটা ঢাকন টাইট বাচনত ভৰাই freezer t আঠঘন্টা ৰাখিলে হৈ যায় | 

তিলৰ লাড়ু - পূৰৱী পাঠক

তিলৰ লাড়ু - পূৰৱী পাঠক উপকৰণ: ১.তিল -১কাপ ২.গুৰ - ১/২ কাপ ৩.পানী - জোখমতে লৱ প্ৰনালী: প্ৰথমে তিলখিনি ধুই ৰ'দত শুকুৱাই লৱ|  তাৰপিছত এখন কেৰাহীত কম জুইত শুকানকৈ তিলখিনি ভাজিব যাতে তিলৰ নিজৰ ধুনীয়া গোন্ধটো ওলায় । তাৰ পিছত গুৰ আৰু জোখমতে পানী কেৰাহীত উতলিব দি, উতলি ঘন হৈ অহাত ভাজি থোৱা তিলখিনি তাত মিলাই দি লৰাই থাকি মিশ্ৰনখিনি ভালদৰে মিলি গৈ ডাঠ হৈ আঠা আঠা হোৱাৰ পিছত নমাই লৈ গৰমে গৰমে লাড়ু বান্ধিব।

চকলেট বল'চ/লাড়ু - নিতুমণি দাস শৰ্মা

চকলেট বল'চ/লাড়ু - নিতুমণি দাস শৰ্মা উপকৰন: মেৰিগল্ড বিস্কুট ৰ ৩০০ গ্রামৰ পেকেট এটা চকলেট পাউদাৰ  ১/২ কাপ মিল্কমেইড ১ কাপ কাজু,পিস্তা একেলগে ১/২ কাপ শুকান নাৰিকলৰ গুৰি ১ কাপ হালধীয়া আৰু গুলপীয়া ফুড কালাৰ ২ টোপাল কৈ প্রনালী: প্ৰথমতে মেৰিগল্ড বিস্কুট বোৰ হাতেৰে ভাঙি লৈ মিক্সিত গুৰি কৰি লব বিস্কুটখিনি ঘূৰণীয়া পাত্র এটিত থৈ কাজু আৰু পিস্তা খিনি ও আধা গুৰি কৰি লব  এতিয়া গুৰি কৰি লোৱা বিস্কুট ৰ পাত্র টো ত চকলেট পাউদাৰ,কাজু পিস্তাৰ গুৰি আৰু মিল্কমেইড মিলাই মিশ্ৰন খিনি আটামৰা ৰ দৰে মাৰি লব আৰু তাৰ পৰা অলপ অলপ কৈ হাতেৰে লৈ লাড়ু বনাই লব তাৰ পিছত দুটা বাতি জাতীয় পাত্র ত নাৰিকলৰ গুৰি দুভাগে ভাগ কৰি লব আৰু তাতে এভাগত হালধীয়া আৰু আন ভাগত গুলপীয়া ফুড কালাৰ মিলাই লব তাৰ পিছত  লাড়ু বোৰ এটা এটাকৈ  মিল্কমেইড ত ডুবাই  হালধীয়া ৰং ৰ নাৰিকলৰ গুৰি ত কেইটামান মিলাই লব আৰু বাকি কেইটামান গুলপীয়া ৰং ৰ নাৰিকলৰ গুৰি ত মিলাই লব আৰু সুন্দৰ ভাবে পৰিবেশন কৰিব চকলেট ৰ লাড়ু |

মাছৰ পেতু_পুৰৈ শাক - ৰঞ্জিত নাথ

মাছৰ পেতু_পুৰৈ শাক - ৰঞ্জিত নাথ উপকৰণ = পেতু অলপ আধা বাটি হব ৩ টা পুৰৈ কুমলীয়া আগ ১ টা ডাঙৰ পিয়াঁজ ৫ কোঁহ মান নহৰু ৫ টা মান পকা জলকীয়া তেল,নিমখ,হালধী জোখমতে লব প্ৰণালী = পেতুৰ পিত গুচায় ভাল দৰে ধুই লব ।পিয়াঁজ,নহৰু,জলজীয়া কুটি লব । শাকখিনিও মিহিকে কুটি লব । তেল গৰম কৰি পেতুখিনি দিব । পেতু ভাজি তেল ওলালে পিয়াঁজ,নহৰু,জলকীয়া দি অলপ সময় ভাজি শাকখিনি দি লগতে নিমখ,হালধী দিব । ভাজি ভাজি শাক সিজিলে নমাই পৰিবেশন কৰিব ।

মধুসোলেংৰ লগত লোকেল মাছৰ জোল

মাছৰটেঙা মধুসোলেংৰ লগত লোকেল মাছৰ জোল - নীলাক্ষী বৰা সামগ্ৰী- লোকেল বাহু মাছ দুটুকুৰা, আলুদুটা,  মিঠিগুটি কেইটামান, কেচাজলকীয়া এটা,  নিমখ, হালধি এচামুচকৈ বা প্ৰয়েজন অনুসৰি,  মিঠাতেল চাৰিচামুচ, মধুসোলেংৰ পাত এমুঠি প্ৰণালী- অতি সহজতে আৰু কম সামগ্ৰীতে হোৱা এই মাছৰ জোল, কিন্তু খাবলৈ অতি সোৱাদ যুক্ত লগতে শৰীৰৰ বাবেও বৰ  উপকাৰী, প্ৰথমতে মই আলু দুটা সিজাই বাকলি গুচাই টুকুৰা কৰি ললো ,  মাছ দুইপিচ ধুই নিমখ হালধি সানি  কেৰাহী গৰম কৰি মাছ ভাজি ললো|  বাকী থকী তেলত লৈ তাতে মিঠিগুটি দি আগতে ধুই কাটি ৰাখা মধুসোলেং খিনি দি অকণমান লৰাই আলু দিলো| নিমখ, হালধি, কেচাজলকীয়া দি দুইমিনিট মান লৰাই দুকাপ পানী দি উতলালো| এটিয়া মাছ যোগ কৰি পুনৰ ভালকৈ  উতলাই নমাই পৰিবেশন কৰালো  গৰম ভাতৰ লগত এই জোলকণ হলে বেলেগ একোৱে নালাগে আৰু মোক।

পনীৰ খোৱাটো আমাৰ শৰীৰৰ বাবে কিয় লাভজনক আৰু লগতে দুটি পনীৰৰ সুন্দৰ ব্যঞ্জন

পনীৰক ভাৰতীয় চীজ বুলিও কোৱা হয় | পনীৰ গাখীৰৰ পৰা তৈয়াৰী এবিধ  সতেজ কোমল চীজ| পনীৰক কেঁচাকৈয়ো খাব পাৰি যদিও ভাৰতীয় ৰন্ধনশৈলীত পনীৰক বিভিন্ন ধৰনেৰে ৰান্ধি পৰিৱেশন কৰা হয় |পনীৰত প্ৰোটিনৰ মাত্ৰা যথেষ্ট বেছি হোৱাৰ বাবে পনীৰ খোৱাটো বৰ দৰকাৰী| নিৰামীষভোজী সকলৰ বাবে পনীৰ বৰ উপযোগী আহাৰ |পনীৰৰ বিভিন্ন ব্যঞ্জন বনাব পাৰি | পালেং পনীৰ, মটৰ পনীৰ, চাহী পনীৰ ইত্যাদি ব্যঞ্জন বোৰ ভাৰতত বৰ জনপ্ৰিয় আৰু প্ৰায় বিয়া-সবাহ পাৰ্টি ইত্যাদিবোৰত পৰিৱেশন কৰা দেখা যায়| পনীৰ খোৱাটো আমাৰ শৰীৰৰ বাবে কিয় লাভজনক, তাৰ পাচটা কাৰণ তলত উল্লেখ কৰিলো : যি সকলে মাংস নাখায় সেইসকলৰ বাবে পনীৰ হৈছে এবিধ উত্তম প্ৰোটিনযুক্ত আহাৰ |মাংসপেশী গঠনৰ বাবে প্ৰোটিনৰ প্ৰয়োজন| সেয়েহে পনীৰত থকা প্ৰোটিনে মাংসপেশী গঠনত সহায়ক হব পাৰে| প্ৰোটিনৰ উপৰিও পনীৰত কেলচিয়ামৰ মাত্ৰা যঠেষ্ট পৰিমানে পোৱা যায়| সেয়েহে পনীৰক খাদ্য হিচাপে গ্ৰহণ কৰিলে হাড় আৰু দাঁত মজবুত কৰাত সহায় হব পাৰে | পনীৰ উচ্চ ৰক্তচাপ বা ডায়েবেটিক ৰোগীৰ বাবে ভাল খাদ্য| পনীৰত থকা প্ৰোটিন আৰু মেগনেচিয়াম পদাৰ্থই ৰক্তচাপ নিয়ন্ত্ৰন ৰখাত সহায় কৰে| এনিমিয়াৰ বাবেও পনীৰ বৰ উপযোগী আ...

নৰসিংহৰপাতেৰে কৰ্দৈটেঙা - নিতুমনি দাস শৰ্মা

নৰসিংহৰপাতেৰে কৰ্দৈটেঙা - নিতুমনি দাস শৰ্মা দক্ষিন ভাৰতীয় ৰন্ধনশৈলীৰে কৰ্দৈ সকলোৱে জনা ৰেচিপি কেৱল নৰসিংহৰ পাত যোগ কৰাই দক্ষিন ৰ ব্যঞ্জনৰ এটি সুন্দৰ জুতিঁ আহিছে বনাই চাব পাৰে ।  ৰেচিপি - কৰ্দৈ তিনিটা চকলিয়াই ঘূৰনীয়া কৈ কাটিব | কেৰাহী তেল গৰম কৰি সৰিয়হ,কেচাঁ জলকীয়া, পাঁচফোৰন,তেজপাত আৰু নৰসিংহৰ পাত পোৰনদি কৰ্দৈ খিনি দি দিব আৰু ভাজিব | নিমখ হালধী দিব | অলপ মজিলে পানী পৰিমান মতে দি উতলাই জোলৰ দৰে কৰি নমাই থৈ পৰিবেশন কৰিব  | ইচ্ছা কৰিলে অলপ চেনী দিব পাৰে |

বেঙেনাৰে ইলিচ মাছৰ জোল - অপু দত্ত

বেঙেনাৰে ইলিচ মাছৰ জোল - অপু দত্ত উপকৰণ: গোটা সৰু চাইজৰ বেঙেনা এটা চাৰিফাল কৰি কাটি ল'ৱ, আলুও দিব পাৰিব, জিৰা, ধনীয়া,গৰম মচলা, হালধি গুৰি , কাশ্মিৰী পাউদাৰ, জলকীয়া গুৰি, একচামুচকৈ লৈ বাতি এটাত পানী অকণমান দি ঘোল বনাই ল'ৱ বিলাহী দুটা চাৰিফাল কৰি কাটি ল'ৱ আদা,নহৰু পেষ্ট আৰু পিয়াঁজ এটা মিহিকৈ কটা প্ৰণালী : মাছ নিমখ, হালধি সানি লৈ সামান্য ফ্ৰাই কৰি ল'ৱ, বেঙেনা কেইপিচো অলপ ৰঙচুৱা হোৱাকৈ ফ্ৰাই কৰি ল'ৱ আৰু বিলাহী কেইডোখৰো সামান্য গলি যোৱাকৈ ফ্ৰাই কৰি ল'ৱ | তাৰপিছত সেই তেলতে পিয়াঁজ দি ৰঙচুৱা কৈ ভাজি লৈ আদা নহৰু পেষ্ট দুচামুচ দি কিছু সময় ভাজি লৈ মচলাখিনি ঢালি দি আৰু জোখমতে নিমখ দি  তেল বিৰিঙালৈকে ভাজি লৈ গৰম পানী দি  উতল আহিলে মাছ কেইপিচ দি কিছু সময় উতলাই লৈ বিলাহী আৰু বেঙেনাখিনি দি ঢাকোণ মাৰি পাঁচমিনিট উতলাই লৈ নমোৱাৰ আগত গৰম মচলা আধা চামুচ দি নিমখৰ পৰিমাণ চাই নমাই গৰম ভাতৰ লগত পৰিবেশন কৰিব।

বেঙেনা বাটাৰ মাছালা -শিৱানী ভূঞা শইকীয়া

বেঙেনা বাটাৰ মাছালা -শিৱানী ভূঞা শইকীয়া উপকৰন: ১.সৰু বেঙেনা ৬টা ২.পিয়াজ ২টা ৩. বিলাহী ১টা ৪. কাজু এমুঠি ৫.বাটাৰ তিনিচামুচ ৬.নহৰু ৭ ফুটা, আদা ১ইঞ্চি ৭.(মচলা)- লং ৩টা, ইলাচি ৩টা, দালচিনি এটুকুৰা, গোটা ধনিয়া ১চামুচ, গোটা জিৰা ১চামুচ ৮. ৰিফাইন একহেটা ৯. ৰঙা জলকীয়া ২টা ১০.নিমখ হালধী আন্দাজমতে ১১.জলকীয়া গুৰি ১চামুচ প্ৰনালী:        প্ৰথমে:বেঙেনা কেইটা চুৰিৰি মাজেদি ৪ফালকে ফলাৰ দৰে আধালৈ ফালিলো, ঠাৰিলৈকে নাইফলা যাতে এৰাই নাযায়| (বেঙেনাৰ ঠাৰিৰ ওপৰৰ বাকলিটো মাজৰ তান সাহ দাল এৰুৱাই ভাজিত দিব, তেতিয়া কিটনিৰ অসুখৰ বাবে ভাল বুলি কোৱা শুনিছো) বাতি এটাত এচামুচ নিমখ অাৰু আধা চামুচ হালধী, দুকাপ পানী দি বেঙেনা কেইটা দুবাই ৰাখিলো|        দ্বিতীয়তে:  নহৰুৰ ,পিয়াজ,আদাৰ বাকলি গুচাই ললো| বিলাহীটো কাটি ললো| এখন পেনত বাটাৰ দুচামোচ দি প্ৰথমে শুকান মচলা - লং ৩টা, ইলাচি ৩টা, দালচিনি এটুকুৰা, গোটা ধনিয়া ১চামুচ দিলো , অলপ ভাজি কাজু,পিয়াজ,বিলাহী,নহৰু,আদা,জলকীয়া দি গেছ কমাই কেচা ভাব যোৱালৈ ভাজি প্লেটত কাঢ়ি লৈ চেচা হব দিলো. চেচা হোৱাত মিক্সিত দুচা...

জলফাই আচাৰ - সম্পূৰ্ণা প্ৰণৱ কাকতি

জলফাই আচাৰ -  সম্পূৰ্ণা প্ৰণৱ কাকতি উপকৰণ: • জলফাই এক কেজি • নিমখ জোখমতে • হালধি দুচামুছ • গোটা জিৰা এক টেবুলচামুছ • গোটা ধনীয়া এক টেবুলচামুছ • আজৱাইন এক চাহচামুছ • জালুক কেইটামান(ঐচ্ছিক) • পাঁচফুৰণ এক টেবুলচামুছ • শুকান জলকীয়া ১২টা মান • গুৰ চাৰি চামুচ আৰু চেনী চাৰি চামুচ • তেল ১০০মি:লি: • ভিনেগাৰ দুচামুছ প্ৰণালী:            জলফাই খিনি সিজাই ফেনৰ বতাহত পানীখিনি শুকুৱাই ললোঁ(বৰষুণৰ বতৰ আছিল বাবে)। গোটা মচলখিনি শুকানে ভাজি গুৰি কৰি ললোঁ। একেবাৰে মিহি কৰা নাই। জলফাই খিনি হাতেৰে পিটিকি ভাঙি ললোঁ। কিছুমান চকলিয়াই ললোঁ।            এতিয়া কেৰাহীত তেল গৰম কৰি হালধি, নিমখ, মচলা গুৰি খিনি দি লৰাই জলফাই খিনি দি ভালদৰে অলপ সময় লৰাই গুৰ আৰু চেনিখিনি দি গলি জলফাইৰ গাত লাগি যোৱাকৈ ভাজিলোঁ। শেষত ভিনেগাৰ দি লৰাই নমাই থলোঁ।