প্ৰতিদিনে আমি কিমান পানী খোৱা উচিত ?
ইয়াৰ উত্তৰ হিচাপে নিশ্চয় আমি কৰবাত শুনিবলৈ বা পঢ়িবলৈ পাইছো যে দৈনিক আমি দুই লিটাৰ বা আঠ গ্লাচ পানী খাব লাগে | কিন্তু পানী খোৱাৰ পৰিমান ব্যক্তি বিশেষে বেলেগ বেলেগ হব পাৰে | যি সকলে অত্যাধিক শাৰিৰিক পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা বেছি হব পাৰে| যি সকলে সূৰ্য্যৰ প্ৰখৰ ৰদত পৰিশ্ৰম কৰে তেওঁলোকৰ দেহত পানীৰ প্ৰয়োজনীয়তা দিনতো শীত-তাপ কোঠাত অতিবাহিত কৰা লোক এজনৰ লগত নিমিলিবও পাৰে | সেয়েহে পানী খোৱাৰ ক্ষেত্ৰত কোনো নিয়ম বান্ধিব পৰা নাযায়, শৰীৰৰ প্ৰয়োজন অনুসৰি পানীৰ প্ৰয়োজনীয়তা বেলেগ বেলেগ হয়|
National Academics of Science Engineering and Medicine ৰ মতে এজন প্ৰপ্তবয়স্ক লোকৰ শৰীৰত প্ৰয়োজনীয় পানীৰ পৰিমান
পুৰুষৰ ক্ষেত্ৰত : 3.7 লিটাৰ
মহিলাৰ ক্ষেত্ৰত : 2.7 লিটাৰ
কিন্তু এই পানীৰ পৰিমান কেৱল যে পানী খায়ে পূৰ কৰিব লাগে তেনে নহয় | আমি গ্ৰহণ কৰা অন্যান্য খাদ্য আৰু পানীয়ৰ যোগেদিও এই প্ৰয়োজনীয়তা পূৰণ হয় যেনে : বিভিন্ন ফলমূল, ফলৰ ৰস, চাহ, গাখীৰ ইত্যাদি |
- আমি আমাৰ দেহত প্ৰয়োজন হোৱা পানীৰ অভাৱ পূৰাবলৈ খাদ্য খোৱাৰ সময়ত বা খাদ্য খোৱাৰ পিছৰ পানী খাব লাগে |
- ঘাম বা পেচাবৰ জৰিয়তে বাহিৰ হোৱা পানীৰ অভাৱ পূৰ কৰিবলৈ পানী খাব লাগে |
- শাৰীৰিক ব্যায়াম কৰা লোকে ব্যায়াম কৰাৰ আগত, ব্যায়াম কৰাৰ সময়ত আৰু পাছত যথেষ্ট পানী খাব লাগে|
- কেতিয়াবা শৰীৰত পানীৰ অভাৱ ঘটিলেও ভোক অনুভৱ হয়, তেতিয়াও পানী খাব লাগে |
- গৰ্ভাৱতী মহিলা বা দূগ্ধ পান কৰোৱা মহিলা সকলে যথেষ্ট পৰিনামে পানী খাব লাগে |
- জ্বৰ, বমি বা ডায়েৰিয়া হোৱা ৰুগী সকলেও চিকিত্সকৰ পৰামৰ্শ লৈ পানী খোৱা উচিত |
Comments
Post a Comment