ঘুগুনি বা মটৰ ঘুগুনি হৈছে শুকান হালধীয়া বা সেউজীয়া মটৰেৰে বনোৱা এখন আঞ্জা | ঘুগুনিক এনেও খাব পাৰি বা ইয়াক ৰুটীৰ লগতো পৰিবেশন কৰিব পাৰি | বহু ঠাইত দেখা যায় যে ঘুগুনীক ৰাস্তাৰ খাদ্য (street food) হিচাপেও বিক্ৰী কৰা হয় |
ঘুগুনিৰ প্ৰস্তুত প্ৰনালী তেনেই সহজ |তলত ৰেচিপিটো আগবঢ়ালো -
মটৰ ঘুগুনি :
উপকৰন:
🔪প্ৰস্তুতিৰ সময় : 15 মিনিট
♨ৰন্ধাৰ সময় : 25 মিনিট
🕞সম্পূৰ্ণ সময় : 40 মিনিট
উপকৰন:
- 2 কাপ হালধীয়া মটৰ
- এটা পিয়াজ মিহিকৈ কটা
- 1/2 চামুচ আদা নহৰু বটা
- 2-3 চামুচ দৈ
- 1/2 চাহ চামুচ জীৰা গুৰী
- 1/2 চাহ চামুচ ধনীয়া গুৰী
- 1/2 চাহ চামুচ ৰঙা গুৰী জলকীয়া
- 1/2 চাহ চামুচ গৰম মছলা
- 1/2 চাহ চামুচ হালধী
- নিমখ জোখ মতে
- 2 চামুচ মিঠাতেল
- কেঁচা জলকীয়া, পিয়াজ সৰু এটা আৰু অলপ ধনিয়া পাত মিহিকৈ কটা, পৰিবেশনৰ বাবে
প্ৰনীলী:
- প্ৰথমতে হালধীয়া মটৰ কমেও চাৰি ঘন্টাৰ বাবে পানীত তিয়াই থব | মটৰ ফুলিলত ভালকৈ ধুই লব|
- প্ৰেচাৰ কুকাৰত মটৰ আৰু দুকাপ পানী বা প্ৰয়োজন অনুসৰি পানী দি দুই-তিনিটা সুইচেল দি সিজাই লব|
- এতিয়া কেৰাহী গৰম হব দি তেল দিব |
- তেল গৰম হলে আদা নহৰু বটা আৰু পিয়াজ দি অলপ সময় ভাজি লব|
- এতিয়া হালধী, জীৰা,ধনিয়া গুৰী, জনকীয়া গুৰী দি মিলাই লব|
- কুকাৰৰ পৰা মটৰ খিনি কেৰাহীত দিব|
- একাপ পানী দি উতল আহিব দিব|
- নিমখ দিব |
- দৈ খিনি ভালদৰে ফেটি লব| কেৰাহীত দৈ দি সকলোখিনি মিহলাই লব|
- গৰম মছলা দি ঢ়াকন মাৰি পাচ মিনিট সিজাব |
- গেছ অফ কৰিব|
- কটা পিয়াজ, কেঁচা জলকীয়া আৰু ধনিয়া পাত দি পৰিবেশন কৰিব |
Comments
Post a Comment