ওলকবি, আলু আৰু বিলাহীৰ লগত মাছৰ আঞ্জা
- নিলাক্ষী বৰা
এজনৰবাবে
উপকৰণ- ১/ওলকবিদুটা
২/আলুএটা
৩/বিলাহীএটা
৪/কেচাজলকীয়া দুটা
৫/মিঠাতেল দুচামুচ
৬/পিচা আদা নহৰু একচামুচ
৭/পিয়াজ এটা
৮/নিমখ হালধি জোখমতে
৯/জীৰা ধনীয়া জলকীয়া পাউদাৰ একচামুচ
১০/ধনীয়া এমুঠি
১১/চিতলমাছ এটুকুৰা
প্ৰণালী-
মাছ ধুই নিমখ হালধীয়া সানি কেৰাহী গৰম কৰি মিঠাতেল দি ভাজি লৈ সেই তেলতে কাটিলোৱা পিয়াজ দি একচেকেন্দ ভাজি তাতে হালধি জীৰা ধনীয়া আৰু জলকীয়া পাউদাৰ দি লগতে কেচাজলকীয়া দি অকণমান সময় ভাজি লৈ পানী দি কম জুইত ৰাখিলো যেতিয়া মচলাৰ পৰা তেল নিগৰিল তেতিয়া আগতে অলপ কমকৈ সিজাই ৰাখা আলু আৰু ওলকবি দি অলপ সময় ভাজি পুনৰ একাপ গৰম পানী দি ১০মিনিট মান সিজাইজোখমতে পানী ৰাখি নমাই ধনীয়া পাত দি পৰিবেশন কৰিলো|

Comments
Post a Comment