Virgin Mojito শীতল পানীয়ৰ ৰেচিপি
- পুলিন বৰা
উপকৰণ:
- পুদিনা পাত ,
- চদা (Soda),
- নেমু চেপি লোৱা ,
- গোল নেমুৰ টুকুৰা,
- চেনী জোখমতে,
- বৰফ
প্ৰনালী:
- এটা গিলাচত চেনী ২ চামোচ দি ,পুদিনা পাত কেইটামান, নেমু টুকুৰা কেইটা দি কাঠৰ মাদলাৰ এদালে অলপ মিহলি কৰি বৰফ কেইটুকুৰা দি লৰায় দিলো |
- ভালদৰে মিহলি হোবাত চদা অলপ দি আকৌ লৰায় দিলো |
- দেখিব ধুনীয়া হোৱাকৈ ভাল পুদিনা আগ ১টা, নেমু এটুকুৰা বাকলি এৰুবাই সজায় দিলো |
- চদা সলনি পানী দিও খাব পাৰে | চদা দিলে বুৰবুৰনি বাবে বেছি ভাল হয় |গৰমত বহুত ভাল পানীয় এইবিধ|
Comments
Post a Comment