বিহু আহি পদূলি মুখ পালেহিয়ে, সেয়েহে আগতীয়াকৈ পিঠাকেইটা মান বনালো জুতি লবলৈ|
পিঠাগুৰিৰ পিঠা (ৰঙালাউ আৰু গুৰ দি বনোৱা )
- নীলাক্ষী বৰা
সামগ্ৰী--
- কেচাপিঠাগুৰি 200গ্ৰাম
- ৰঙালাউৰ টুকুৰা এটা
- গুৰ100গ্ৰাম (মনগলে কম বেছি কৰিব পাৰে )
- নিমখ একচিকুত
প্ৰণালী---
প্ৰথমতে ৰঙালাউ টুকুৰা বাকলি গুচাই টুকুৰা কৰি সিজাই লৈ হাতেৰে মোহাৰি লৱ|
- তাতে নিমখ দি অলপ অলপ কৰি পিঠাগুৰি যোগকৰি এটা মিশ্ৰণ তৈয়াৰ কৰি লৱ|
- এটা কেৰাহীত মিঠাতেল গৰম কৰি তাতে মিশ্ৰণ খিনিৰ পৰা অকণ অকণ লৈ ঘিলাপিঠাৰ আকৃতি দি কমজুইত ভাজি ললো|
- বেলেগ এটা কেৰাহীত গুৰু খিনি দি তাতে পানী একাপ দি উতলাই অলপ ডাঠ কৰি বনোৱা পিঠা খিনি তাত জুবুৰিয়াই দি পাচমিনিটমান উতলাই ঢাকন মাৰি ঠাণ্ডা হবলৈ দিলো|
- ঠাণ্ডা হোৱাৰ পিচত অলপ গুৰৰৰসত মিলি যায় এই পিঠা খাবলৈ বৰ সোৱাদ হয় এই ৰঙালাউৰ পিঠা|
Comments
Post a Comment