বেঙেনা বাটাৰ মাছালা -শিৱানী ভূঞা শইকীয়া উপকৰন: ১.সৰু বেঙেনা ৬টা ২.পিয়াজ ২টা ৩. বিলাহী ১টা ৪. কাজু এমুঠি ৫.বাটাৰ তিনিচামুচ ৬.নহৰু ৭ ফুটা, আদা ১ইঞ্চি ৭.(মচলা)- লং ৩টা, ইলাচি ৩টা, দালচিনি এটুকুৰা, গোটা ধনিয়া ১চামুচ, গোটা জিৰা ১চামুচ ৮. ৰিফাইন একহেটা ৯. ৰঙা জলকীয়া ২টা ১০.নিমখ হালধী আন্দাজমতে ১১.জলকীয়া গুৰি ১চামুচ প্ৰনালী: প্ৰথমে:বেঙেনা কেইটা চুৰিৰি মাজেদি ৪ফালকে ফলাৰ দৰে আধালৈ ফালিলো, ঠাৰিলৈকে নাইফলা যাতে এৰাই নাযায়| (বেঙেনাৰ ঠাৰিৰ ওপৰৰ বাকলিটো মাজৰ তান সাহ দাল এৰুৱাই ভাজিত দিব, তেতিয়া কিটনিৰ অসুখৰ বাবে ভাল বুলি কোৱা শুনিছো) বাতি এটাত এচামুচ নিমখ অাৰু আধা চামুচ হালধী, দুকাপ পানী দি বেঙেনা কেইটা দুবাই ৰাখিলো| দ্বিতীয়তে: নহৰুৰ ,পিয়াজ,আদাৰ বাকলি গুচাই ললো| বিলাহীটো কাটি ললো| এখন পেনত বাটাৰ দুচামোচ দি প্ৰথমে শুকান মচলা - লং ৩টা, ইলাচি ৩টা, দালচিনি এটুকুৰা, গোটা ধনিয়া ১চামুচ দিলো , অলপ ভাজি কাজু,পিয়াজ,বিলাহী,নহৰু,আদা,জলকীয়া দি গেছ কমাই কেচা ভাব যোৱালৈ ভাজি প্লেটত কাঢ়ি লৈ চেচা হব দিলো. চেচা হোৱাত মিক্সিত দুচা...
Comments
Post a Comment