Jelly_fruit_cake
জেলি_ফ্ৰুট_কেক
- তৰু ফুকন
উপকৰণ:
• ৰ'জ চিৰাপ 2 গিলাচ
• জিলেটিন 2 চামুচ
• চেনি 1 কাপ
• নিজৰ ইচ্ছামতে প্ৰযোজন অনুসৰি ফল-মূল
প্ৰণালী:
বৰ_সহজ_ৰেচিপি । মনপচন্দ ফল-মূল কাটি ল'লো ।
এতিয়া চচ্ পেন এটাত ৰ'জ চিৰাপ ডাঙৰ গিলাচেৰে দুগিলাচ দি কম জুইত তুলি দিলো । জিলেটিন ডাঙৰ চামুচেৰে ২ চামুচ দি লাহে লাহে ল'ৰাই দিলো আৰু চেনি একাপ দি গলি যোৱালৈকে ল'ৰালো । অলপ ডাঠ ভাৱ অহা লগে লগে নমাই ল'লো ।টিফিন কেৰিয়াৰ ষ্টিলৰ বাতিত চিৰাপটো সমানে দুভাগ কৰি এভাগ বাতিটোত দি তাৰ ওপৰত ফল-মূলৰ টুকুৰা দিলো নিজৰ ইচ্ছাত ।
তাৰ পিছত ওপৰে ওপৰে চিৰাপটো দি লৰচৰ নকৰাকৈ
Room temperatureত ঠাণ্ডা হ'বলৈ দিলো ১ ঘণ্টা ।
পিছত কাটি পৰিৱেশন কৰিলো । অলপ চিৰাপ বেছি হোৱাত সৰু বাতি এটাত থ'লো ।
ফটো মৰা আগতে ল'ৰাই সৰু খাবলৈ চামুচ মাৰিলেই ,,
লৈ আনি ফটো মাৰি দিলো …খাবলৈ ।মুখতে পমি যায়
বাবে বৰ ভাল পায়……সৰু ল'ৰা ছোৱালীয়ে বৰ ভাল পায় ।



Comments
Post a Comment