আলু পৰঠা পালেং শাক দি
-প্ৰিয়া সেন
উপকৰণ-
আটা মথাৰ বাবে-
পালেং শাক ১ মুঠি
আটা ৩ কাপ
নিমখ আন্দাজ মতে
জনী আধা চামুচ
চাট মছলা আধা চামুচ
ৰিফাইন তেল ৩চামুচ
গৰম পানী আন্দাজ মতে
আলু পিটিকা -
আলু ৪টা ( সিজাই লোৱা)
ধনীয়া পাত এক মুঠি (কোটি লোৱা)
নহৰু কোষ ৬/৭ টা ( কোটি লোৱা)
জলকীয়া গুৰি এক চামুচ
চাট মছলা এক চামুচ
নিমখ জোখ মতে
প্ৰণালী-
প্ৰথমতে উতলা পানীত পালেং শাক দি 2মিনিট ঢাকি ৰাখিব।
তাৰ পিছত ঠাণ্ডা পানী দি ধুই লব আৰু মিক্সিত পেষ্ট বনাই লব।
তাৰ পিছত ওপৰত দিয়া শুকান সকলো সামগ্ৰী মিলাই লৈ পালেং পেষ্ট আৰু গৰম পানী অলপ অলপ কে দি মথি লব।
এতিয়া আলু খিনিৰ লগত দিয়া সকলো সামগ্ৰী একে লগে সানি লব।
তাৰ পিছত আটা খিনি একে চাইজৰ লাড়ু বনাই লৈ এটা এটা কে লাড়ু বেলি তাত আলু ষ্টাফিং ভৰাই অলপ বহলকে বেলি লৈ পৰঠা ভাজি ঘি লগাই গৰমে গৰমে টমেট চচ ৰ লগত পৰিবেশন কৰিব।
Comments
Post a Comment