লাই ঠাৰিৰে সৈতে গাহৰি(গাহৈ তেলেৰে গাহৈ ভজা)
- শিৱানী সাধনীদাৰ
লাগতিয়াল সামগ্ৰী সমূহ:
১/ গাহৰি মাংস আধা কিলো
২/ আদা ৰচোন পুষ্ট আধা চামোচ
৩/ মিত মচলা আধা চামোচ
৪/ কেঁচা জলকীয়া ৫তা
৫/ পিয়াজ ডাঙৰ 2তা
৬/ লাই ঠাৰি
৭/ নিমখ হালধি জোখ মতে
প্ৰণালী:
মাংস খিনি সৰহ ভাগ তেল আছিল কাঠ মাংস কম আছিল সেইবাবে তেল নিদিলোঁৱেই।😊
মাংসখিনি কিনি অনাতকৈ অলপ সৰু সৰুকৈ কাটি লৈ আদা ৰচোন পেষ্ট আৰু মচলা খিনি সানি কেৰাহী এখন খুউব ভালদৰে গৰম কৰি দি দিছোঁ।অলপ ভাঁজ খোৱাৰ পাছত তেল ওলাবলৈ লওঁতেই নিমখ হালধি দিছোঁ।এতিয়া মাংস খিনি তানকৈ ফ্ৰাই কৰি লৈছোঁ।মাংস খিনি সম্পূৰ্ণ সিজি যোৱাৰ পাছত পিয়াজ আৰু জলকীয়া কেইটা ডাঙৰ কৈ কাটি দিছোঁ।।2মিনিট মান ভাজি লাই ঠাৰি খিনি হাতেৰে ছিঙি দি দিছোঁ।।।তাৰ পাছত বেছি দেৰি নাই ভজা লাই ঠাৰি খিনি কেচেলুৱা নিচিনা হৈ থাকোতেই নমাই থৈছোঁ।।।।তেনেকৈ খাই বেছি ভাল পাওঁ।।😊

Comments
Post a Comment