আজি এটা নতুন তথা হেল্ডী ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়ালো।
নিশ্চয় বহুতে বটা চৰাই (Quail bird) চিনি পাই| এই বটা চৰাই মাংস আৰু কণী খোৱাতো বহুত উপকাৰী সেয়ে এই চৰাই বিধৰ বিষয়ে কিছু কথা চেয়াৰ কৰিলোঁ।
Quail bird টোক আমাৰ অসমীয়াত কোৱা হয় বটা চৰাই । এই বটা চৰাই মাংস বহুত উপকাৰী ডাঙৰৰ লগতে বিশেষ কৈ সৰু ল'ৰা, ছোৱালীকো খোৱাব লাগে। এই মাংসত বহুত পৰিমানে প্ৰটিণ আছে আৰু ই কম কলেষ্টৰেল যুক্ত । লগতে আন আন বহুতো উপকাৰীতা আছে । এই চৰাই কণী খোৱাটো বহুত উপকাৰী।
এই quail চৰাই মাংস মই কি দৰে বনালো সেই ৰেচিপিটো দিলোঁ। এই মাংসৰ টেষ্টটো লোকেল চিকেনৰ দৰে লাগে।
Quail pepper Gravy
বটা চৰাই মাংস জালুক দি বনোৱা
উপকৰণ:- Quail meat(বটা চৰাই মাংস) ---------500 গ্ৰাম
- পিয়াজঁ -----4/5 টা (কুটি লোৱা )
- আদা ,নহৰু পেষ্ট ----2 চামুচ
- বিলাহী -----1/2টা (কুটি লোৱা )
- আলু ----1/2 টা (কাটি লোৱা)
- শুকান জলকীয়া ---2টা
- তেজপাত -----2টা
- নৰসিংহ পাত ----6/7 খিলা
- সৰিয়হ ----1চামুচ
- জালুক গুৰি -----1/2 চামুচ
- জীৰা গুৰি,জলকীয়া গুৰি,মিট মছলা,নিমখ,হালধি,তেল ---জোখ অনুপাতে।
- প্ৰথমে মাংস খিনি ধুই লৈ এটা পাএত দি লগত আলু, মিট মছলা,জীৰা গুৰি,জলকীয়া,জালুক গুৰি,নিমখ,হালধি দি অকণমান তেল দি সানি 15/20 সময় মেৰিনেট কৰি থব।
- এতিয়া এখন কেৰাহিত তেল দি সৰিয়হ,নৰসিংহ পাত,শুকান জলকীয়া,তেজপাত দি অলপ ভাজি লৈ কাটি লোৱা পিয়াজঁ,বিলাহী,আদা, নহৰু পেষ্ট খিনি দি ৰঙচুৱা হোৱা লৈকে ভাজি লৈ পিছত মেৰিনেট কৰি লোৱা মাংস খিনি দি ভালদৰে লৰাই ধাকি দিয়ক।
- মাজে মাজে লৰাই থাকিব । যেতিয়া মাংস খিনি ভাজ খাব তেতিয়া কম পৰিমাণে অলপ পানী দি লৰাই মাংস খিনি গ্ৰেভী হলে নমাই গৰমে গৰমে পৰিবেশন কৰক।

Comments
Post a Comment