🌶 ঝাল মুড়ি
- প্ৰিয়ংকা চলিহা ভটাচাৰ্য্য
সন্ধিয়া সময়কণ মোৰ সদায় প্ৰিয়।নিজৰ বুলিবলৈ এইকণ সময়লৈ ৰৈ থাকো।প্ৰিয় গান ,প্ৰিয় সাহিত্যকৰ কিতাপ এখন আৰু গৰম চাহ একাপৰ সৈতে কিবা মুখৰোচক এবিধ হ'লে আৰু একো নালাগে।সন্ধিয়াৰ চাহৰ অন্যতম লগৰী ঝাল মুড়ি আগবঢ়ালো।
কেৰাহীত মিঠা তেল গৰম কৰি , তাত একদম সৰু সৰু কৈ কুটি লোৱা শুকান জলকীয়া আৰু মিহিকৈ কটা পিয়াজ দি অলপ ভাজি এতিয়া অলপ বাদাম ভাজি ললো। এতিয়া অলপ জলকীয়া গুৰি, সামান্য ধনীয়া আৰু জিৰা আৰু কস্তুৰি মেথি গুৰি দি ভাল কৈ ভাজি সেই খিনি নমাই ললো। কেঁচা ধনীয়া, বিলাহী সামান্য পিয়াজ আৰু জলকীয়া কুটি দিলো শেষত নিমখ অলপ আচাৰ ৰ তেল আমচোৰ গুড়ি ভূজিয়া দি ভালকৈ মিলাই ললেই ৰেডি হৈ গল।

Comments
Post a Comment