পূৰ দিয়া কেপচিকাম
- সম্পূৰ্ণা প্ৰণৱ কাকতিউপকৰণ:
• সিজোৱা আলু দুটা পিটিকি লব
• কেপচিকাম চাৰিটা
• গোটা জিৰা একচামুছ
• চফ একচামুছ
• নহৰু পাঁচফুটামান কুটি লোৱা
• জলকীয়া তিনিটা কুটি লোৱা
• ডাঙৰ পিয়াঁজ এটা কুটি লোৱা
• নিমখ স্বাদ অনুসাৰে
• হালধি জোখমতে
• জিৰা ধনীয়া গুৰি এচামুচকৈ
• মানধনীয়া পাত দুখিলা
• তেল
প্ৰণালী:
প্ৰথমে আলু সিজাই পিটিকি ললোঁ। তাৰ পাছত কেৰাহীত তেল দি জিৰা আৰু চফ দি নহৰু আৰু জলকীয়া কুটা দি ভাজি লৈ পিয়াঁজখিনি দি ভাজিলোঁ।
তাৰ পাছত নিমখ, হালধি, জিৰা ধনীয়া গুৰি দি ভাজি গেছ কম কৰি আলুখিনি দি ভালদৰে মছলা খিনি মিহলি হোৱালৈ লৰাই থাকিলোঁ। তাৰ পাছত মানধনীয়া দুখিলা কুটি দি লৰাই নমাই থলোঁ। ( এই পুৰটো চিংৰা, মচলা dosa তো ব্যৱহাৰ কৰিব পাৰি)
কেপচিকাম কেইটা মাজতে ফালি গুটি উলিয়াই লৈ আলুৰ পূৰ ভৰাই তেলত ভাজিলোঁ। ভাজোঁতে সাৱধানে ভাজিব নহলে তেল ফুটি গাত পৰিব। একেবাৰে সিজিব দিব নালাগে। 60- 70 শতাংশহে সিজাব লাগে।
গৰমে পৰিবেশন কৰিব |





Comments
Post a Comment