ঢেঁকীয়া শাকৰ লগত বিলাহী সৈতে ৰৌ মাছৰ জোল
- তৃষ্ণা কলিতা
উপকৰন:
• ঢেঁকীয়া শাক মোৰ হাতৰ এক মুঠি
• বিলাহী দুটা
• মাছ তিনি টুকুৰা
• তেল এক কাপ
• পাঁচফুৰন আধা চামুচ
• শুকান জলকীয়া দুটা
• সোৱাদ মতে নিমখ -হালধী
প্ৰনালী:
মাছ খিনি ধুই নিমখ -হালধী সানি ললো |কেৰাহীত তেল গৰম কৰি মাছ খিনি আধা ভজা কৰি ললো |সোনকালে হবৰ বাবে বিলাহী ,ঢেঁকীয়া কুকাৰত চিটি এটা মাৰি সিজাই ললো |মাছ ভজা তেলত শুকান জলকীয়া ,পাঁচফুৰন ভাজি ললো |হালধী আধা চামুচো দিলো |সিজাই লোৱা ঢেঁকীয়া বিলাহী কেৰাহী ঢালি দিলো |উতল অহাত মাছ কেইটুকুৰা দিলো |সোৱাদ মতে নিমখ দিলো |উতলি ঘন হৈ তৰকাৰী পাগ উঠাত নমাই গৰম ভাতৰ লগত পৰিবেশন কৰিলো |


Comments
Post a Comment