ৰহদৈ আৰু ভূট জলকীয়া দি বনোৱা মাছৰ জোল
- পম্পী শৰ্মা খাওন্দ
উপকৰণ -
- ভাঙোন মাছ ----4/5 টা
- ৰহদৈ ----3টা (দীঘলীয়া কৈ কাটি লোৱা )
- আলু ----1টা (বয়ল কৰি লোৱা )
- ভূট জলকীয়া ---1/আধা টুকুৰা
- কুজি ঠেকেৰা ----2 টুকুৰা
- পাঁচ ফোৰন -----1চামুচ
- চেনী ---1চামুচ
- তেল, নিমখ, হালধি ----জোখ অনুপাতে ।
প্ৰণালী-
মাছ কেইটা ধুই নিমখ,হালধি সানি ফ্ৰাই কৰি লব।
এতিয়া এখন কেৰাহি ত তেল দি পাঁচ ফোৰন দিব । লগত কাটি লোৱা ৰহদৈ,বয়ল আলু আৰু নিমখ,হালধি,চেনী, ভূট জলকীয়া,কুজি ঠেকেৰা দি ভালদৰে ল'ৰাই ধাকি সিজিবলৈ দিব। যেতিয়া পাচলি খিনি সিজিব তেতিয়া হিচাপ মতে পানী দি মাছ কেইটা দি ভালকৈ উতলিবলৈ দিব । ভালদৰে উতলি মাছৰ জোল খন যেতিয়া ডাঠ হব । তেতিয়া নমাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক । খাবলৈ খুব টেষ্টি হয় । এটা টেঙা মিঠা আৰু জলা টেষ্ট আহে।


Comments
Post a Comment