চকলেট বল'চ/লাড়ু
- নিতুমণি দাস শৰ্মা
উপকৰন:
- মেৰিগল্ড বিস্কুট ৰ ৩০০ গ্রামৰ পেকেট এটা
- চকলেট পাউদাৰ ১/২ কাপ
- মিল্কমেইড ১ কাপ
- কাজু,পিস্তা একেলগে ১/২ কাপ
- শুকান নাৰিকলৰ গুৰি ১ কাপ
- হালধীয়া আৰু গুলপীয়া ফুড কালাৰ ২ টোপাল কৈ
প্রনালী:
প্ৰথমতে মেৰিগল্ড বিস্কুট বোৰ হাতেৰে ভাঙি লৈ মিক্সিত গুৰি কৰি লব
বিস্কুটখিনি ঘূৰণীয়া পাত্র এটিত থৈ কাজু আৰু পিস্তা খিনি ও আধা গুৰি কৰি লব
এতিয়া গুৰি কৰি লোৱা বিস্কুট ৰ পাত্র টো ত চকলেট পাউদাৰ,কাজু পিস্তাৰ গুৰি আৰু মিল্কমেইড মিলাই মিশ্ৰন খিনি আটামৰা ৰ দৰে মাৰি লব আৰু তাৰ পৰা অলপ অলপ কৈ হাতেৰে লৈ লাড়ু বনাই লব
তাৰ পিছত দুটা বাতি জাতীয় পাত্র ত নাৰিকলৰ গুৰি দুভাগে ভাগ কৰি লব আৰু তাতে এভাগত হালধীয়া আৰু আন ভাগত গুলপীয়া ফুড কালাৰ মিলাই লব
তাৰ পিছত লাড়ু বোৰ এটা এটাকৈ মিল্কমেইড ত ডুবাই হালধীয়া ৰং ৰ নাৰিকলৰ গুৰি ত কেইটামান মিলাই লব আৰু বাকি কেইটামান গুলপীয়া ৰং ৰ নাৰিকলৰ গুৰি ত মিলাই লব আৰু সুন্দৰ ভাবে পৰিবেশন কৰিব চকলেট ৰ লাড়ু |


Comments
Post a Comment