তিনিশ ষাঠি জোপা ৰুবা কল। মাহেকে পষেকে চিকুণাবা তল।। পাত পছলা লাভত খাবা। লংকাৰ বনিজ ঘৰতে পাবা।। উক্ত ডাকৰ বচন ফাঁকিৰ মতে তিনিশ ষাঠি জোপা কলপুলি ৰুলে বছৰৰ প্ৰত্যেক দিনতে এথুককৈ কল পাব পাৰি যাৰ পৰা জীৱিকা অৰ্জন কৰিব পাৰি আৰু লগতে কলগছৰ পাত আৰু পচলাও পাব পাৰি| লগতে এই বচন ফাঁকিত এইটোও নিৰ্দেশ আছে যে মাহেকে পষেকে গছৰ তলবোৰ চিকুনাব লাগে| অসমীয়া জনজীৱনত কলগছৰৰ ব্যৱহাৰ অপৰিহাৰ্য্য| কলক কেৱল মাত্ৰ যে ফল হিচাপে খোৱা হয় তেনে নহয়|কলপাত, কলপতুৱা সকাম-নিকাম আদিত ব্যৱহাৰ কৰাৰ লগতে কলদিল আৰু কলপচলা ৰান্ধি খোৱা হয়| পূজা পাৰ্বন ইত্যাদিত কলৰ ব্যবহাৰ বিশেষকৈ চেনিকলৰ চাহিদা বেছি| কল কেৱল খাই বাকলি পেলাই দিয়া হয় তেনে নহয়, ভীম কল আৰু আঠিয়া কলৰ বাকলি শুকোৱাই ৰখা হয় আৰু পিছত ইয়াক জুইত পুৰি খাৰ বনোৱা হয়|এনেকৈ কলৰ বাকলি শুকোৱাই খাৰ বনোৱাৰ নিয়ম অন্য কোনো ৰন্ধনশৈলীত আছে নে সেয়া কব নোৱাৰি কিন্তু খাৰ অসমীয়া ৰন্ধনশৈলিৰ এটি অতিকে অনন্য উপাদান| অসমীয়াসকলে খাৰ অতিজৰে পৰা খাই আহিছে আৰু জনাযায় যে অতিতত যেতিয়া নিমখত আৱিৰ্ভাব হোৱা নাছিল তেতিয়া নিমখৰ সলনি খাৰৰ ব্যবহাৰ কৰা হৈছিল | খাৰৰ বিভিন্ন বিধিৰ ভিতৰত অম...
Assamese Recipes


Comments
Post a Comment