Virgin Mojito শীতল পানীয়ৰ ৰেচিপি - পুলিন বৰা উপকৰণ: পুদিনা পাত , চদা (Soda), নেমু চেপি লোৱা , গোল নেমুৰ টুকুৰা, চেনী জোখমতে, বৰফ প্ৰনালী: এটা গিলাচত চেনী ২ চামোচ দি ,পুদিনা পাত কেইটামান, নেমু টুকুৰা কেইটা দি কাঠৰ মাদলাৰ এদালে অলপ মিহলি কৰি বৰফ কেইটুকুৰা দি লৰায় দিলো | ভালদৰে মিহলি হোবাত চদা অলপ দি আকৌ লৰায় দিলো | দেখিব ধুনীয়া হোৱাকৈ ভাল পুদিনা আগ ১টা, নেমু এটুকুৰা বাকলি এৰুবাই সজায় দিলো | চদা সলনি পানী দিও খাব পাৰে | চদা দিলে বুৰবুৰনি বাবে বেছি ভাল হয় |গৰমত বহুত ভাল পানীয় এইবিধ|
Assamese Recipes


Comments
Post a Comment