মাছৰ পেতু_পুৰৈ শাক
- ৰঞ্জিত নাথ
উপকৰণ =
- পেতু অলপ আধা বাটি হব
- ৩ টা পুৰৈ কুমলীয়া আগ
- ১ টা ডাঙৰ পিয়াঁজ
- ৫ কোঁহ মান নহৰু
- ৫ টা মান পকা জলকীয়া
- তেল,নিমখ,হালধী জোখমতে লব
প্ৰণালী =
পেতুৰ পিত গুচায় ভাল দৰে ধুই লব ।পিয়াঁজ,নহৰু,জলজীয়া কুটি লব । শাকখিনিও মিহিকে কুটি লব । তেল গৰম কৰি পেতুখিনি দিব । পেতু ভাজি তেল ওলালে পিয়াঁজ,নহৰু,জলকীয়া দি অলপ সময় ভাজি শাকখিনি দি লগতে নিমখ,হালধী দিব । ভাজি ভাজি শাক সিজিলে নমাই পৰিবেশন কৰিব ।
Comments
Post a Comment