আলু কণীৰ কাবাব
- তৃষ্ণা কলিতা
উপকৰন:
- দীম তিনিটা (সিজোৱা )
- আলু তিনিটা(সিজোৱা )
- পিয়াজ দুটা (মিহিকৈ কটা )
- মান ধনীয়া মিহিকৈ কটা
- নহৰু পাঁচ ফুটা (মিহিকৈ পিচা )
- আদা আধা ইঞ্চি (মিহিকৈ কটা )
- চাট মচলা ,গৰম মচলা (মিহলাই আধা চামুচ)
- জলকীয়া গুৰা (আধা চামুচ)
- জিৰা ,হালধী গুৰা (মিলাই আধা চামুচ )
- আন্দাজ মতে নিমখ
- আৰু দুটা দীম (ভাঙি লোৱা )
- ব্ৰেড ছয় টুকুৰা (গুৰা কৰা )
- ভাজিবলৈ তেল
প্ৰনালী:
- আলু কেইটাৰ লগত পিয়াজ ,মান ধনীয়া চাট মচলা, গৰম মচলা ,জলকীয়া গুৰা, জিৰা হালধী গুৰা, নিমখ মিহলাই পিতিকা বনাই ললো |
- দীম দুটা ভাঙি নহৰু ,আদা লগত নিমখ এচিকুট মিহলাই ঘোল বনাই ললো |
- পিতিকা আলু হাতৰ তলুৱাত লৈ বহলাই মাজত সিজোৱা দীমটো দি আৱৰি ললো |
- এতিয়া দীমৰ ঘোলত ডুবাই ব্ৰেডৰ গুৰাত লেতিয়াই তেলত ডুবাই ৰঙচুৱাকৈ ভাজিলো |


Comments
Post a Comment