বাতি চাট / কটৰি চাট
- ৰুবী কোঁৱৰ
ছোৱালী আৰু মোৰ চাট বহুতেই প্ৰিয় সন্ধিয়া হলে মনত পৰেই এটা বাতি খাই হেপাহেই নপলাই সেয়ে আজি ভাবিলো ঘৰতেই বনাও ছোৱালীয়েও বৰ ভাল পালে এতিয়া আহো বনোৱা পদ্ধতি |
উপকৰণ:
ময়দা 1 কাপ
তেল/ ঘিউ 1 চামুচ
সিজোৱা আলু 2 টা
সিজোৱা বুট
পিয়াজ, বিলাহী কটা
জিৰা, তেতেলি পানী, দৈ, নিমখ, চাট মছলা, কলা নিমখ ইত্যাদি প্ৰযোজন অনুসৰি
প্ৰণালী:
কটৰী মানে বাতি- প্ৰথমে ময়দা ১কাপ , ঘিউ বা তেল ১চামুচ ,আৰু ১/২ চামুচ নিমখ দি পানীৰে মঠি ১/২ ঘন্টা মান ঢাকন দি থৈ দিলো ১/২ ঘন্টা হোৱা পাছত লাডু কৰি ৰুটি নিচিনা বেলি এখন কাটা চামুচেৰে অলপ ফুটা ফুটা কৰি দিলো যাতে ৰুটিখন ফুলি নাযায়
এতিয়া ওপৰত দিয়াৰ দৰে বাটিত মেৰিয়াই সমানকৈ কাটি গৰম তেলত কম চিমত ৰঙচুৱাকৈ ভাজিব লাগে অলপ গৰম হওতে বাটিটো নিজেই এৰি যাব তেতিয়াই আতৰাই দিব লাগে ,বাটিকেইটা অলপ ঠান্ডা হোৱাত চাট তৈয়াৰ কৰিলো|
চাটৰ বাবে : প্ৰথ়মে বইল আলু সৰু সৰুকৈ
কটা আৰু বইল বুট দিলো তাৰপিছত দৈ,কলা নিমখ,গ্ৰিন চাটনি,তেতেলী পানী,জিৰা,সৰুকৈ কটা পিয়াজ আৰু বিলাহী আকৌ দৈ চাটনি তেতেলী সৰুকৈ কটা শুকান জলকীয়া,ভুজীয়া, ডালিম গুটি শেষত চাট মচলা সকলো খিনি অলপ অলপকৈ দি সজাই পৰিবেশন কৰিলো |





Comments
Post a Comment