অমৰাৰ লগত মাছৰ জোল
- নিলাক্ষী বৰা
সামগ্ৰী----
• কুহিমাছ তিনিটা
• অমৰা দুটা
• পাচপূৰণ অকণমান
• নহৰু কেইফুটামান
• কেচাজলকীয়া দুটা
• মিঠাতেল দুচামুচ
• নিমখ হালধি আধা চামুচকৈ
• পিঠাগুৰি একচামুচ
প্ৰণালী---
মই বনোৱা ৰেচিপি একেবাৰে সাধাৰণ কেৰাহীত মাছভাজি ললো |
নিমখ হালধি সানি অমৰা দুটা কুকাৰত সিজাই ললো |মাছভজা কেৰাহীত পাচপূৰণ দি নহৰু থেতেলিয়াই পাচপূৰণৰ লগতে দিলো |
অমৰা কেইটা হাতেৰে মোহাৰি দি দিলো | নিমখ দি লগতে পিঠাগুৰি ছটিয়াই দি অমৰা খিনি দি উতলাই কেচাজলকীয়া ফালি দিলো|
শেষত জলকীয়া দিলে গোন্ধ তো বেছি ভাল লাগে |


Comments
Post a Comment