তিনি বৰণীয়া চুজিৰ লাডু
- বনশ্ৰী মিলি চেতিয়া
গ্রুপৰ সকলোলৈকে স্বাধীনতাৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনালো |🇨🇮🇨🇮🇨🇮🇨🇮
আমাৰ জাতীয় পতাকা খনৰ ৰংঙৰে চুজিৰ লাডু কেইটামান আপোনাৰ লোকৰ আগত শ্বেয়াৰ কৰিলো |
উপকৰণ-
• চুজি 1 কাপ
• চেনি 1/2 কাপ
• দ্ৰাই ফ্ৰুটচ
• ৰং , গাখীৰ আৰু ঘী প্ৰয়োজন অনুসৰি
প্ৰণালী:
কেৰাহীত ঘি গৰম কৰি লৈ এক কাপ চুজি ভালদৰে ভাজি লৈ চেনী আধা কাপ আৰু ড্রায় ফ্রুট দি পুনৰ ভাজি লৈ নমাই ৰাখিলো |
এতিয়া চুজি খিনি তিনি ভাগ কৰিলো |গাখীৰো ঠিক তেনেদৰে তিনি ভাগ কৰি লৈ প্রতিটো ভাগতে ৰং মিহলাই ললো |
পুনৰ গেছ অন কৰি লৈ গৰম হৈ থকা কেৰাহীত চুজিৰ এটা ভাগ দিলো লগতে ৰং মিহলোৱা গাখীৰৰ এটা ভাগ দি ভালদৰে লৰাই ডাঠ হৈ যোৱাত নমাই ৰাখিলো |ঠিক তেনেদৰে বাকী থকা চুজি খিনিও তেনেকৈ কৰিলো |
এতিয়া হাততঅলপ ঘি লগাই চুজি খিনি লাডু বনাইওপৰত কাঠ বাদাম দি লগতে চুজি খিনি হাতেৰে অকণমান মোহাৰি লৈ লাডু কেইটাৰ লগত সজাই দিলো |

Comments
Post a Comment