বন্ধাকবি আৰু কেপচিকামৰ ভাজি
- শেৱালী বৰাউপকৰণ:
• সৰু বন্ধাকবি1টা
• কেপচিকাম 3টা
• মিহিকৈ কটা গাজৰ2টা
• পিয়াঁজ ডাঙৰ 1টা
• মিঠাতেল
• নিমখ
• হালধী
• জালুকৰ গুডি
প্ৰযোজন অনুসৰি
প্ৰণালী:
প্ৰথমবন্ধাকবিটো খুবমিহিকৈ কুটি ললো।কেৰাহীত তেল গৰম কৰি পিয়াঁজ ৰংচুৱা কৰি ভাজি বন্ধাকবি খিনি দি নিমখ হালধি দিলো।
অলপ সময় ভাজিলো ,মিহিকৈ কাটি থোৱা গাজৰ দুটা ভাঙি যাতে নাযায় তালৈ লক্ষ্য ৰাখিব লাগে।ভাজি হোৱাত কাটি থোৱা কেপচিকাম আৰু অলপ মান জালুকৰ গুড়ি দি অলপ সময় ঢাকি পৰিবেশন কৰিলো।


Comments
Post a Comment