মাছৰ উহোৱা
- চুমু মুনমি গগৈ
...এই ৰেচিপিৰ বাবে লৈছো ,
১.মোৱামাছ: ৩ কাপৰ জোখাৰে
২.বিলাহী: ১টা
৩.ভোটজলকীয়া : আধাফাল
৪.নহৰু: ১০কোঁহ (থেতেলিয়াই লোৱা)
৫.পিয়াজঁ: ১টা (সৰ সৰুকৈ আৰু মিহিকৈ কটা)
৬.আদা: ৪ চাহচামুচ(মিহিকৈ থেতেলিয়াই লোৱা)
৭.মানধনীয়া:৫ডালমান (মিহিকৈ কাটি লোৱা)
৮.নেমুৰ ৰস: আধা কাপ ( কম-বেচ কৰিব পাৰি)
৯.সিজোৱা আলুৰ পিতিকা : ২ কাপ
১০.নিমখ আৰু হালধি: আন্দাজত
১১.মিঠাতেল : একচামুচ
১২.জালুকৰ গুৰা : ৩ চিকুচমান
১৩.তেজপাত: এখিলা
ৰন্ধনৰ পদ্ধতিটো হৈছে :
..মাছখিনি আধা ঘন্টামান নিমখ আৰু নেমুৰ ৰস সানি থব|
....লোহাৰৰ কেৰাহীত একচামুচ মিঠাতেল গৰম কৰি তাতে নহৰু , পিয়াঁজ,বিলাহী, তেজপাত দি অলপ সময় লৰাব |
...পিঁয়াজ আৰু নহৰুৰ ৰং সলনি হলে কুহুমীয়া পানী ডাঙৰ বাতিৰে এবাতি দি আদা আৰু জলকীয়া কাটি দিব |
...উতলিলে মাছখিনি লাহে লাহে কেৰাহীত দিব,নিমখ আৰু হালধি দিব|
...এতিয়া আলু পিতিৰাখিনি দি লাহেকৈ হেতাৰে লৰাই দিব,জালুকৰ গুৰা আৰু মানধনীয়া কটা অলপ চটিয়াই দিয়ক |
...পানী শুকালে আৰু অলপ কুহুমীয়া পানী দিব আৰু ঢাকন মাৰি আৰু অলপ উতলিব দিব |
...শেষত, জুই নুমাই নেমু ৰস ঢালি দিব আৰু আৰু অলপ মানধনীয়া চটিয়াই দিব |
....ৰেডি আপোনাৰ বইল মাছ..😊


Comments
Post a Comment