নিৰামিষ: ছয়াবিনৰ গ্ৰেভি
- চম্পা বৰুৱা
উপকৰণ:
• ছয়াবিন এবাতি ,
• পিয়াজ এটা ডাঙৰ আকাৰৰ ,
• এচামুচ আফুগুটি ,
• এচামুচ বগা সৰিয়হ ,
• জলকীয়া গুৰি এচামোচ ,
• জিৰাগুড়ি আধাচামোচতকৈ কম ,
• নিমখ ,
• হালধি ,
•বিলাহী দুটা ,
• তেজপাত এখিলা,
• গোটা গৰম মছলা অলপ মান,
• নৰসিংহ পাত কেইটামান ,
• আদা ,
• নহৰু ,
• তেল |
ৰন্ধন প্ৰণালী :
1)প্ৰথমে আফুগুটি ,সৰিয়হ গুটি ,নৰসিংহ পাত ,পিয়াজ এফাল ,আদা নহৰু আৰু বিলাহী খিনি মিক্সিত পেষ্ট বনাই ললো ।
2)এতিয়া আলু এটা চাৰিফাল কৰি কাটি অলপ সিজাই ললো।
3)এইবাৰ কেৰাহীত তেল দি তিয়াই থোৱা ছয়াবিন খিনি টুকি লৈ তেলতে অলপ ভাজি নামাই থলো আকৌ সেইখিনি তেলতে আলুখিনি ৰঙচুৱাকৈ ভাজি নামাই থলো ।
4)এইবাৰ কেৰাহীত আৰু এচামুচ মিঠাতেল দি গৰম হোৱাত তেজপাত আৰু গোটা গৰম মছলা খিনি দিলো আৰু লগতে কাটা পিয়াজ দি বাদামী ৰঙ হোৱাত পেষ্ট কৰি থোৱা সামগ্ৰী খিনিদি হালধি নিমখ জিৰা গুৰি আৰু জলকীয়া গুৰি দি তেল বিৰিঙি যোৱা লৈকে ভাজি জোখমতে পানী দিলো । উতল আহাত ভাজি থোৱা ছয়াবিন আৰু আলুখিনি দিলো।এইবাৰ এচামুচ ভাজি থোৱা পিঠাগুৰি দি পছন্দ মতে গ্ৰেভি হোৱাত নামাই থলো ।
মই তিনি জনৰ বাবে বনাইছিলো ।
ধন্যবাদ


Comments
Post a Comment