ঔটেঙা, মানধনীয়া আৰু ভোটজলকীয়াৰে গাহৰি সিদ্ধ বা বইল
-চুমু মুনমি গগৈ
উপকৰন : পৰিবেশন ৪ জনৰ বাবে
সময় ৪০ / ৫০ মিনিট
১. গাহৰি : ডেৰ পোৱা
২.ঔটেঙা : এটা
৩.ভোটজলকীয়া : আধাফাল
৪.মানধনীয়া : ১২ খিলা
৫.নহৰু :১০ কোঁহ
৬.আদা : এটুকুৰা
৭.নিমখ : আন্দাজত
৮.জালুক : আধা চাহ চামুচ
ৰন্ধনৰ প্ৰনালী :
গাহৰিখিনি নিজৰ পছন্দৰ জোখত কাটি কুকাৰত ২ টা চিটি মৰাই সিজালো | ঔ টেঙাটো চকলিয়াই ওপৰৰ ডাঠ বাকলিখিনি আৰু বিজটো আতৰাই টুকুৰা কৰি ললো | নহৰু, জালুক আৰু আদাখিনি থেতেলিয়াই ললো |
এতিয়া লোহাৰৰ কেৰাহীত পানী এবাতি উতলিব দিলো | পানীখিনি উতলাত থেতেলিওৱা নহৰু আৰু আদাখিনি দিলো , ১ মিনিটমানৰ পাছত টুকুৰা কৰি ৰখা ঔ টেঙা খিনি দি ঢাকন মাৰি দিলো | ৫ মিনিটমানৰ পাছত
কেৰাহীত সিজোৱা গাহৰিখিনি দিলো | এতিয়া মাংসখিনি ঢাক যোৱাকৈ কুহুমীয়া পানী দি ঢাকন মাৰি ২০ বা ২৫ মিনিটমান মধ্যমীয়া জুইত সিজিব দিলো , নমোৱাৰ ৩ মিনিটমানৰ আগত জালুক আৰু মানধনীয়াখিনি চিঙি টুকুৰা কৰি মাংসত চটিয়াই দি অলপ সময়ৰ বাবে আকৌ ঢাকন মাৰি নমাই ৰাখিলো |
এই মাংস গৰম ভাতৰ লগত পৰিবেশন কৰা হয় | বিশেষকৈ আহোমসকলৰ মাজত এই সিদ্ধ অতি জনপ্ৰিয় |
Comments
Post a Comment