বুট দাইলৰ বৰ
- মুন দত্ত
উপকৰণ =
বুট দাইল ১ ১/২ কাপ ;
বেচন ৩ চামুচ ;
কনফ্লৰ (cornflour ) ২ চামুচ ;
পিয়াঁজ ২টা ;
কেচা জলকীয়া ৩টা ;
জিৰা পাউদাৰ ; ধনিয়া পাউদাৰ সৰু চামুচেৰে ২ চামুচ; কুমলীয়া ভেদাইলতা আগ ; মানধনীয়া ; নৰসিংহ পাট মিলাই এমুঠি ( মিহিকে কুটি লোৱা ) ;
চাট মচলা ১/২ চামুচ
নিমখ হালধি অকণমান ,
বেকিং পাউদাৰ ১ চামুচ ৷
প্ৰণালী =
দাইল খিনি ১ ঘন্টা টিয়াই থলো ৷ কোমল হলত দাইল খিনি মীক্সচীট পিছী ললোঁ ৷ এটিয়া এটা বাউলত পিছী লোৱা দাইল খিনি দি লগতে ওপৰত দিয়া মীশ্ৰণখিনি লৈ পিয়াঁজ আৰু জলকীয়া মিহিকৈ কাটি ভালদৰে হানি ললোঁ ৷ কেৰাহিত তেৰ গৰম কৰি বৰ ২টা ৩টা কে দি কম জুইত ফ্ৰাই কৰি গলো ৷ হৈ গল গৰম গৰম বুটৰ দাইলৰ বৰ ৷ খাবৰ সময়ত চাট মচলা দি পৰিবেশন কৰিলো ৷


Comments
Post a Comment