আমৰ_ক্ৰিমী_চেক
- পাপৰি বৰা
============
আম -- ভালদৰে পকা দুটা তিনিটা লব।
গাখীৰ -- আধা লিটাৰ
চেনি -- দৰকাৰ হলে
হুইপ ক্ৰীম -- একাপ
চেৰি - অলপমান
ইলাচি গুৰা -- ১ চামুচ
ভেনিলা -- সৰু চামুচত আধা লব
কাজু -- গুৰা কৰি লব।
চকলেট বল - সজাবলৈ
প্ৰস্তুতি:
=====
আম টুকুৰা কৰি লব । চেনি খিনি পাউদাৰ কৰা লব । গাখীৰ খিনি ৰ লগত আম একেলগে মিক্সাৰত মিলাই লব। ক্ৰীম (চেনি দৰকাৰ হয় যদি দিব ) খিনি দি আকৌ এবাৰ মাৰিব। এইবাৰ নমাই
আনি গ্লাছত ঢালিব। ওপৰৰ পৰা আকৌ ক্ৰীমৰ লেয়াৰ এটা দিব। চকলেট বল আৰু চেৰিৰে সজাই পৰিবেশন কৰিব।


Comments
Post a Comment