সৰুবেঙেনাৰগ্ৰেভী
- নিলাক্ষী বৰা
সামগ্ৰী-
• বেঙেনা দহটা
• বিলাহী এটা
• নৰসিংহ ৰ পাত কেইটামান
• আদা এটুকুৰা
• জলকীয়া, ধনীয়া, জীৰা গুৰি একচামুচ
• মিঠাতেল দুচামুচ
• নিমখ, হালধি নিজৰ জোখমতে
• গোটাজীৰা কেইটামান
প্ৰণালী-
বিলাহী আদা মিলাই পেস্ট বনাই ললো বেঙেনা কেইটা গোটাকৈ ৰাখি অকিয়াই ললো |
কেৰাহী গৰম কৰি তেল দি তাতে গোটা জীৰা কেইটা দি লৰাই পেস্ট দি তাতে সকলো মচলা (ওপৰত উল্লেখ কৰা)দি অলপ ভাজি অকণমান পানী দি পুনৰ ভাজি শুকুৱাই ললো |
অলপ ঠান্দা কৰি বেঙেনাৰ ভিতৰত মচলা ভৰাই দিলো বাকীথকা মচলা খিনি পুনৰ গেছৰ ওপৰত দি অলপ গৰম কৰি মচলা ভৰোৱা বেঙেনা খিনি দি ভালকৈ মিলাই অলপ গৰম পানী দি ঢাকোন মাৰি সিজাই লৈ পানী কমি অহাত নমালো পৰিবেশন কৰিলো |


Comments
Post a Comment