নাৰিকলৰ গাখীৰৰ সৈতে ভাতকেৰেলা
- প্ৰিয়ংকা চলিহা ভটাচাৰ্য্য
উপকৰণ:
ভাতকেৰেলা -৬/৮ টা মান
নাৰিকল- এফাল
জিৰা- এচামুচ
কেঁচা জলকীয়া- ২-৩ টা
সৰিয়হ বটা- ১ চামুচ
নিমখ- সোৱাদ অনুযায়ী
হালধি- সোৱাদ অনুযায়ী
তেল
গৰম মচলা
প্ৰস্তুত প্ৰণালী:
ভাতকেৰেলাখিনি ভালকৈ ধুই গুল গুলকৈ কাটি ল’ব। এতিয়া নাৰিকলৰ এফাল ৰুকি তাৰ পৰা গাখীৰখিনি ভালকৈ চেপি উলিয়াই ল’ব। এতিয়া কেৰাহীত অলপ তেল গৰম কৰি তাত গোটা জিৰা আৰু কেঁচা জলকীয়াখিনি দি দিব। এতিয়া ভাতকেৰেলা খিনি দি অলপ সময় ভাজি অলপ নিমখ-হালধি দি ঢাকোন মাৰি কম জুইত সিদ্ধ হ’ব দিব। প্ৰায় ১০-১৫ মিনিট পিছত তাৰ পিছত তাতে নাৰিকলৰ গাখীৰখিনি দি অলপ উতলিব দিয়ক। যেতিয়া নাৰিকলৰ গাখীৰখিনি শুকাই গাঢ় হ’ব তেতিয়া তাত সৰিয়হ বটাখিনি আৰু নাৰিকল ৰোকাখিনি(নিজৰ ইচ্ছা) অলপ পানীৰ সৈতে ৮-১০ মিনিট সিদ্ধ হ’বলৈ দিব। মিশ্ৰণখিনি নমাবৰ সময়ত ওপৰত এচিকুট গৰম মচলা দি গৰমে গৰমে পৰিৱেশন কৰক।


Comments
Post a Comment