কোমোৰাৰ বৰ
- পম্পী শৰ্মা খাওন্দ
উপকৰণ----
কুমলীয়া কোমোৰা ----আধা টুকুৰা ----পাতল পাতলকৈ টুকুৰা কৰি লব।
বেছন ----4/5 চামুচ
পিঠা গুৰি ----3 চামুচ
নিমখ,হালধি ----জোখ অনুপাতে
জীৰা গুৰি,জলকীয়া গুৰি,জালুক গুৰি ----1চামুচকৈ (জোখ অনুপাতে)
তেল ----জোখ অনুপাতে।
প্ৰণালী ----
প্ৰথমে কোমোৰাৰ টুকুৰা কেইটাত নিমখ,হালধি সানি লব।
এটা পাএত বেছন,পিঠা গুৰি,নিমখ,হালধি,জীৰা গুৰি,জলকীয়া গুৰি ,জালুক গুৰি এই সকলোবোৰ বস্তূ অলপমান পানী দি ঘোল বনাই লব । বেছি পাতল নকৰিব।
এতিয়া কাটি লোৱা কোমোৰাৰ টুকুৰাবোৰ এই বনাই লোৱা মিশ্ৰণ টোত লেতিয়াই গৰম তেলত এক টুকুৰা এক টুকুৰাকৈ দি ফ্ৰাই কৰক। খাবলৈ খুব টেষ্টি হয়।
পম্পী শৰ্মা খাওন্দৰ অন্য এটি ৰেচিপি "ৰহদৈ আৰু ভূট জলকীয়া দি বনোৱা মাছৰ জোল" জানিবলৈ ইয়াত ক্লিক কৰক


Comments
Post a Comment