খাৰণী ভাত
- সম্পূৰ্ণা প্ৰণৱ কাকতি
তিনিদিনত পিঠা
সপ্তাহত তিতা
পষেকত খাৰ
মাহেকত মাৰ
সেয়ে আজি খাৰকে খাওঁ বুলি ভাবিলোঁ। ঠাণ্ডা ভাত কেইটামান আছিল। ভাতখিনি জৰজৰীয়া হব লাগে।তাৰেই খাৰ বনালোঁ।
উপকৰণ:
ভাত সৰু বাতিৰে এবাটি
খাৰ দুই চিকুট (১/৪চামুচ) পানী আধা বাটিত গুলি ৰখা
নহৰু দুফুটা
জলকীয়া এটা
নিমখ জোখমতে
তেল আধা চামুচ
প্ৰণালী:
আধা বাতি পানীত খাৰ মিহলাই ৰাখিলোঁ। তাৰ পাছত কেৰাহীত তেল গৰমাই নহৰু আৰু জলকীয়া দি খাৰ পানীখিনি চেকনিৰে চেকি দি দিলোঁ। জোখমতে নিমখ দি ভাতখিনি দি লৰাই পানীখিনি শুকুৱাত গৰমে গৰমে পৰিবেশন কৰিলোঁ।
খাৰণী ভাতৰ ৰংটো অলপ ক'লা হয়। যিটো আমি ভীমকলৰ বাকলি পুৰি প্ৰস্তুত কৰোঁ। কিন্তু মোৰ ওচৰত থকা খাৰখিনি কলৰ গা-গছ পুৰি বনোৱা খাৰ। সেয়ে ইয়াৰ ৰংটো পাতল হৈছে। কিন্তু ই বৰ চোকা খাৰ।


Comments
Post a Comment