ৰঙালাও গুটিৰে মাছৰ জোল
- ৰঞ্জিত নাথ
উপকৰণ =
২ কাপ ৰঙালাও গুটি
৩ পিছ মাছ
১ চামুচ পিঠা গুৰি
৫ কোঁহ নহৰু
৪ টা মান কেঁচা জলকীয়া
তেল,নিমখ,হালধী জোখমতে লব
প্ৰণালী =
ৰঙালাও গুটি কেইটা অলপ শুকানে ভাজি লব । দুই এটা ফুটিলে নমাই ঠাণ্ডা কৰি মিক্সীত গুৰি কৰি চালি লব । চালি হলে পিঠাগুৰি ,হালধী দি ঘোল বনাই লব । নহৰু থেতালি লব । মাছ ধুই নিমখ,হালধী সানি ভাজি লব । সেই তেলতে নহৰু দিব ।নহৰু ভাজি ৰঙচুৱা হলে ঘোলখিনি দি জলকীয়া ফালি দিব লগতে নিমখ দিব । অলপ সময় লৰাই জোখৰ পানী আৰু মাছ কেইপিছ দি উতলিব দিব । উতলি জোলকন ডাঠ হলে নমাই পৰিবেশন কৰিব ।


Comments
Post a Comment