জলফাই আচাৰ
- সম্পূৰ্ণা প্ৰণৱ কাকতি
উপকৰণ:
• জলফাই এক কেজি
• নিমখ জোখমতে
• হালধি দুচামুছ
• গোটা জিৰা এক টেবুলচামুছ
• গোটা ধনীয়া এক টেবুলচামুছ
• আজৱাইন এক চাহচামুছ
• জালুক কেইটামান(ঐচ্ছিক)
• পাঁচফুৰণ এক টেবুলচামুছ
• শুকান জলকীয়া ১২টা মান
• গুৰ চাৰি চামুচ আৰু চেনী চাৰি চামুচ
• তেল ১০০মি:লি:
• ভিনেগাৰ দুচামুছ
প্ৰণালী:
জলফাই খিনি সিজাই ফেনৰ বতাহত পানীখিনি শুকুৱাই ললোঁ(বৰষুণৰ বতৰ আছিল বাবে)। গোটা মচলখিনি শুকানে ভাজি গুৰি কৰি ললোঁ। একেবাৰে মিহি কৰা নাই। জলফাই খিনি হাতেৰে পিটিকি ভাঙি ললোঁ। কিছুমান চকলিয়াই ললোঁ।
এতিয়া কেৰাহীত তেল গৰম কৰি হালধি, নিমখ, মচলা গুৰি খিনি দি লৰাই জলফাই খিনি দি ভালদৰে অলপ সময় লৰাই গুৰ আৰু চেনিখিনি দি গলি জলফাইৰ গাত লাগি যোৱাকৈ ভাজিলোঁ। শেষত ভিনেগাৰ দি লৰাই নমাই থলোঁ।

Comments
Post a Comment