আজি আগবঢ়ালো এটা আমিষ আচাৰৰ ৰেচিপি । সদায় সকলোৱে বিভিন্ন ফল /পাচলি এই সকলোবোৰ বস্তৰ আচাৰ বনাই খাই থকাই হয়। আজি এবাৰ আমি খাই থকা মুৰগিৰ মাংস এবাৰ আচাৰৰ ৰূপত খাই চাওকঁ চোন।এই আচাৰ বিধ কিন্ত বহুত বেছি দিন ৰাখি খাব নালাগে। এই আচাৰ বিধ ফ্ৰিজত ৰাখি 10/12 দিনলৈ খাব পাৰে। খাবলৈ খুব সোৱাদ লগা হয় আহক চোন এবাৰ এই আচাৰ বিধৰ সোৱাদ লওক।
চিকেনৰ আচাৰ
- পম্পী শৰ্মা খাওন্দ
উপকৰণ-------
চিকেন -----আধা কিলো (হাড় নোহোৱা)
আদা,নহৰু পেষ্ট ---1চামুচ
আদা ----1 টুকুৰা (মিহিকৈ কুটি লোৱা)
নহৰু ----5/6 ফুটা (মিহিকৈ কুটি লোৱা)
কেচাঁ জলকীয়া ---2টা (কুটি লোৱা)
জীৰা গুৰি ---1চামুচ
সৰিয়হ গুৰি ---1চামুচ
জলকীয়া গুৰি ----2চামুচ
নিমখ,হালধি,তেল ---জোখ অনুপাতে
নৰসিংহ পাত ----7/8 টা
গোটা সৰিয়হ ---1চামুচ
ভিনেগাৰ -----4/5 চামুচ
নেমু ৰস ---1চামুচ
প্ৰণালী ----
প্ৰথমে মাংস খিনি সৰু টুকুৰা কৰি ধুই এটা পাএত লৈ নিমখ,হালধি সানি ভাজি উঠাই থব।
এতিয়া এখন কেৰাহিত তেল দি সৰিয়হ,আদা,নহৰু পেষ্ট, কাটি লোৱা আদা,নহৰু,কেচাঁ জলকীয়া,নৰসিংহ পাত,জীৰা গুৰি,জলকীয়া গুৰি,সৰিয়হ গুৰি,নিমখ,হালধি এই সকলোবোৰ বস্ত দি পিছত ভাজি লোৱা চিকেন খিনি দি ভালদৰে লৰাই দিয়ক লগতে জোখ অনুপাতে ভিনেগাৰ,নেমুৰস দি ভালদৰে লৰাই নমাই দিয়ক । ঠান্ডা হলে বটলত ভৰাই ৰাখি । ভাতৰ লগত পৰিৱেশন কৰক।
looks delicious..
ReplyDeletehttp://www.cookingathome11.com