নৰসিংহৰ লগত বাহু মাছৰ জোল
-প্ৰিয়া সেন
উপকৰণ---
• বাহু মাছ ২ পিছ ,
• নৰসিংহ পাত একমুঠি ,
• কেঁচা জলকীয়া 2 টা ,
• আদা নহৰু পেষ্ট ১চামুচ ,
• হালধি গুৰি অকণমান ,
• তেল ৪ চামুচ আৰু
• নিমখ প্ৰয়োজন অনুসৰি ।
প্ৰণালী--
নৰসিংহ পাত আৰু জলকীয়া পীহনাত পিহি ললো ।
মাছ হালধি নিমখ সানি তেলত ভাজি ললো।
এতিয়া কেৰাহীত তেল দি আদা নহৰু পেষ্ট দি ভাজি নৰসিংহ পাতৰ পেষ্ট দি নিমখ হালধি দি অলপ সময় ভাজি ১কাপ পানী দি মাছ দিলো আৰু জুই কমাই দি ঢাকি দিলো।
তাৰ পিছত নমাই গৰমে গৰমে পৰিবেশন কৰিলো।

Comments
Post a Comment