ফুলকবিৰ মালাইকাৰী
- লিনা বৰা
উপকৰণ---
১।ফুলকবি ৫০০ গ্ৰাম
২।পিয়াঁজ ৩ টা
৩।আদা আধা টুকুৰা
৪।নহৰু ৬ ফুটা
৫।ধনিয়া গুৰি ১ চাহ চামুচ
৬।জিৰা গুৰি ১চাহ চামচ
৭।জলকিয়া গুৰি ১ চাহ চামুচ
৮।ইলাচি ৪ টা
৯।লং
১০। দৈ ৩ চামুচ
১১। গোটা জিৰা
১২। কেচা জলকীয়া ২ টা
১৩। ধনিয়া পাত
১৪ ।তেল ৩ চামুুচ।
১৫ ।নিমখ জোখমতে
১৬।হালধী ১ চামুচ ।
প্ৰণালী---
ফুলকবি ফুলকেইটা এৰুৱাই কাটি ললো।পিয়াজ বাকলি গুচাই কুটি ললো। আদা নহৰু বাকলি গুচাই ইলাচি লং একেলগে বটি ললো। ধনিয়া পাত কুটি ললো।
এটা চিচাৰ পাত্ৰত দৈ বটা মচলা খিনি নিমখ সকলো ২ চামুচ পানীৰ লগতমিহলাই ফেটি ললো। ফুলকবি খিনি মছলাৰ লগত মিহলাই আধা ঘণ্টা থৈ দিলো।
কেৰাহীত তেল গৰম কৰি তেজপাত জিৰা ফোৰণ দি জলকীয়া দি পিয়াজ দি ৰঙচুৱা কে ভাজি ফুলকবিৰ মিশ্ৰণ খিনি তেলত দি ১০ মিনিত সময় ভাজি ১ কাপ গৰম পানী দি সিজিবলৈ দিলো।
ফুলকবি সিজোতে ওপৰত ধনীয়া পাত দি নমাই পৰিবেশন কৰিলো।


Comments
Post a Comment