জলফাইৰ মিঠা আচাৰ
- নিলাক্ষী বৰা
উপকৰণ--
1/জলফাই আধাকিলো
2/গুৰ একপুৱ
3/পাচপূৰণ (ভাজি গুৰি কৰি লোৱা )দুইচামুচ
4/শুকান জলকীয়া ছয়টা মান(ভাজি খুন্দি লোৱা)
5/কলা নিমখ আৰু বগা নিমখ একচামুচকৈ
6/মিঠাতেল একাপ
7/জলকীয়া গুৰি নিজৰ হিচাপমতে
8/কালজিৰা একচামুচ
প্ৰণালী---
জলফাই কেইটা সিজাই মোহাৰি ললো|
কেৰাহী গৰম কৰি মিঠাতেল দি কালজিৰা দি অকণমান লৰাই জলফাই খিনি দি দুইমিনিট মান ভাজি গুৰ দি মিলাই লৰাই থাকিলো|
তাতে নিমখ মিলাই দি লৰাই যেতিয়া ডাঠ হোৱা যেন লাগিল তেতিয়া পাচপূৰণ আৰু জলকীয়া গুৰি দি মিলাই শুকান জলকীয়া দি নমাই দিলো|

Comments
Post a Comment