নাৰিকল নৰসিংহৰে ভাঙন মাছৰ জোল
-ৰঞ্জিত নাথ
উপকৰণ =
• ৫০০ গ্ৰাম ভাঙন মাছ
• ১ ফাল নাৰিকলৰ
• ১০ খিলা মান নৰসিংহ পাত
• ৬ কোঁহ নহৰু
• ৫ টা মান পকা জলকীয়া
• তেল,নিমখ,হালধী জোখমতে লব ।
প্ৰণালী =
মাছ পৰিস্কাৰ কৰি নিমখ,হালধি সানি লব ।
নাৰিকলৰ কলা বাকলিবোৰ গুচাই সৰু সৰুকে কাটি লৈ মিক্সীত পেষ্ট বনাই লব ।
নৰসিংহৰ পাত,নহৰু,জলকীয়া ও মিক্সীত পেষ্ট বনাই লব ।
তেল গৰম কৰি মাছখিনি ভাজিব । মাজ ভাজি হলে সেই তেলতে নৰসিংহ,জলকীয়া,নহৰুৰ পেষ্টখিনি অলপ ভাজি লব । নৰসিংহৰ সেউজিয়া ৰং নোহোৱা হলে নাৰিকলৰ পেষ্টখিনি দিব । লগতে নিমখ,হালধি দিব । সকলোখিনি ভাল দৰে ভাজি জোখৰ পানী দিব আৰু মাছ দি উতলিব দিব ।
উতলি জোলকন ডাঠ হলে নমাই পৰিবেশন কৰিব ।

Comments
Post a Comment